ঢেকীয়াজুলিত ট্রাক-এম্বুলেঞ্চৰ মুখামুখি সংঘৰ্ষ
ৰঙিলী বাৰ্ত্তাসেৱা- শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।ঢেকীয়াজুলিৰ বৰতলাত এখন কণ্টেইনাৰ ট্ৰাক আৰু ৰোগী কঢ়িয়াই অনা এম্বুলেঞ্চৰ মাজত হোৱা মুখামুখি সংঘর্ষত আঠজন লোকে কৰুণ মৃত্যুক সাবটি লয়। প্রাপ্ত বাতৰি অনুসৰি ঢেকীয়াজুলি অঞ্চলৰ টিউলিপ চাহ বাগিচাৰ এজন অসুস্থ ৰোগীক এম্বুলেঞ্চত লৈ ঢেকীয়াজুলিৰ ৩০খন বিছনাযুক্ত চিকিৎসালয় অভিমুখে আহি আছিল আত্মীয়সকল। তেনে সময়তে ইউ কে ০৮৩ চিবি ০৫১১ নম্বৰৰ কন্টেইনাৰ ট্ৰাকখনৰ সৈতে মুখামুখি সংঘর্ষ হয় এ এছ ০১ আৰ চি ৬২৭০ নম্বৰৰ ৰোগী কঢ়িয়াই অনা এম্বুলেঞ্চখনৰ। এই ঘটনাত এম্বুলেঞ্চখনৰ চালক বিজয়সহ ছজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে আন দুজনক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ চিকিৎসাৰ বাবে অনা হয় ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে আন এজন লোকৰো মৃত্যু হয় ৷এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন এজন লোকক তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ পৰা সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি ঢেকীয়াজুলিৰ বৰতলাত তাৎক্ষণিকভাৱে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে । দুৰ্ঘটনাৰ পাছতে আৰক্ষী আৰু জৰুৰী সেৱা দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় আৰু পথটো স্বাভাৱিক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে । এই ঘটনাটোৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
