ঢেকীয়াজুলিত উদ্যমিতা অভিযানৰ চেক প্রদান মুখ্যমন্ত্ৰীৰ 

ঢেকীয়াজুলিত উদ্যমিতা অভিযানৰ চেক প্রদান মুখ্যমন্ত্ৰীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যাসকললৈ চেক প্রদানৰ শুভাৰম্ভণী কৰে। ঢেকিয়াজুলি চাহবাগিছা খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৩১,২২৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক চেক প্রদান কৰা হয়। ইয়াৰে ২৯,৫২৩ গৰাকী গ্রামাঞ্চলৰ আৰু ১,৭০১ গৰাকী নগৰাঞ্চলৰ আত্মসহায়ক গোটৰ সদস্যা। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্যত থকা ৪ লাখ আত্মসহায়ক গোটৰ সৈতে ৪০ লাখ মহিলা জড়িত হৈ আছে। এই ৪০ লাখৰ ভিতৰত প্ৰায় ৮.৫ লাখ মহিলাই বছৰত ১ লাখ টকা উপার্জন কৰে। এনে ‘লাখপতি বাইদেউ’সকলৰ মাজৰে একাংশ উদ্যমী মহিলাই বছৰি ১০ লাখ টকাৰ ব্যৱসায় কৰি ‘মহালাখপতি বাইদেউ’লৈ উন্নীত হৈছে। উদ্যমিতাৰ জৰিয়তে যদি ৮ লাখ মহিলা ‘লাখপতি বাইদেউ হ’ব পাৰিছে, তেন্তে আত্মসহায়ক গোটসমূহৰ বাকী ৩২ লাখ মহিলা ‘লাখপতি বাইদেউ’ হ’ব নোৱাৰাৰ কাৰণ নাই। ৩২ লাখ মহিলাকো ‘লাখপতি বাইদেউ’লৈ উন্নীত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰয়াস কৰিব। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানৰ পৰা ২৩-২৪ শতাংশ পর্যন্ত সুদত ঋণ লৈ মহিলাসকল অসুবিধাত পৰাৰ প্ৰসংগ উল্লেখ কৰি কয় যে ৰাজ্য চৰকাৰে আত্মসহায়ক গোটসমূহক ২৫ হাজাৰ টকাৰ ঘূর্ণীয়মাণ পুঁজি দিয়াৰ পিছত মহিলাসকলে বিভিন্ন উৎপাদনশীল কাম-কাজ সুচাৰুৰূপে কৰিবলৈ সক্ষম হৈছিল। এনে বহু গোটে বেংকৰ পৰাও ঋণ লৈছে। আত্মসহায়ক গোটৰ মহিলাসকলে বেংকৰ পৰা ১৬ হাজাৰ কোটি টকা ঋণ লৈছে আৰু ৯৯ শতাংশ মহিলাই বেংকক ঋণৰ ধন ওভতাই দিছে। মহিলাসকলক সুবিধা দিলে ৪০ লাখ মহিলাই ‘লাখপতি বাইদেউ’ৰ শ্ৰেণীলৈ উন্নীত হ’ব পাৰিব। মহিলাসকলে ঘৰত মৌমাখি পালন, দুগ্ধ উৎপাদন, পিঠা-পনাৰ ব্যৱসায় কৰিব পাৰে বা পৰিয়ালৰ ব্যৱসায়ত নিজকে জড়িত কৰিব পাৰে। আত্মসহায়ক গোটসমূহলৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াই থাকিব। কিন্তু গাইগুটীয়াকৈ মহিলাসকলক ব্যৱসায় বা উৎপাদনমূলক কামত জড়িত হোৱাত সহায় কৰিবলৈ মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান গ্ৰহণ কৰা হৈছে। প্রায় ৩২ হাজাৰ মহিলা সমৱেত হোৱা সভাখনত মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ পৰা পাবলগীয়া ধনখিনি উপার্জনমূলক কামত খৰচ কৰিবলৈ আহ্বান জনাই কয় যে একোটা আত্মসহায়ক গোটৰ ১০গৰাকী মহিলাই ধনখিনি গোটৰ একাউণ্টত জমা কৰি আৰু বেংকৰ পৰা অতিৰিক্ত ঋণ লৈ উৎপাদনমূলক কাম বা ব্যৱসায় কৰিব পাৰে। ইচ্ছা কৰিলে মহিলাগৰাকীয়ে নিজাকৈ উপার্জনমুখী কামতো ধনখিনি ব্যৱহাৰ কৰিব পাৰে নতুবা স্বামী বা পৰিয়ালৰ ব্যৱসায়তো মহিলাগৰাকীয়ে ধনখিনি খৰচ কৰিব পাৰে। এই তিনিটা পথৰ যিকোনো এটাৰে ধনখিনি খৰচ কৰিলে অহা বছৰ বেংকৰ সহযোগত পুনৰ ২৫ হাজাৰকৈ টকা দিয়া হ’ব আৰু ২৫ হাজাৰ টকাও উৎপাদনমূলক কামত খৰচ কৰিলে পিছৰ পৰ্যায়ত ৫০ হাজাৰ টকাকৈ দিয়া হ’ব। তেওঁ লগতে কয় যে প্ৰতিগৰাকী মহিলাক ১০ হাজাৰ টকাকৈ ‘বীজ ধন’ হিচাপে প্ৰদানৰ বাবদ এই আঁচনিখন ৰূপায়ণ কৰোঁতে ৰাজ্য চৰকাৰৰ ৪ হাজাৰ কোটি টকা খৰচ হ’ব। আনহাতে, উদ্যমী মহিলাসকলক অহা বছৰ ২৫ হাজাৰ টকাকৈ দিলে চৰকাৰক লাগিব ১০ হাজাৰ কোটি টকা আৰু ৫০ হাজাৰ টকাকৈ দিলে খৰচ হ’ব ২৫ হাজাৰ কোটি টকা। ছোৱালী আৰু মহিলাৰ উন্নয়ন আৰু নিৰাপত্তাৰ বাবে যোৱা চাৰে চাৰি বছৰত অসম চৰকাৰে নিৰন্তৰ কাম কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী হিচাপে আমাৰ কার্যকালত বাল্যবিবাহ বন্ধ কৰাৰ চেষ্টা কৰা হৈছে, নিযুত মইনা আঁচনি ৰূপায়ণৰ দৰে বহু আঁচনি আৰু পদক্ষেপ গ্ৰহণ কৰা হৈছে। অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা অৰুণোদয়-৩.০ ৰ অধীনত মহিলাসকলক মাহিলি ১,২৫০ টকাকৈ দিয়াৰ পদক্ষেপ লোৱা হৈছে। অৰুণোদয় পৰিয়ালে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয়ৰ বাবে চৰকাৰৰ পৰা ২৫০ টকাকৈ ৰাজসাহায্য পাব। ৰেচন কার্ড থকাসকলক নৱেম্বৰৰ পৰা চাউলৰ লগতে সুলভ মূল্যত দাইল, চেনি আৰু নিমখ দিয়া হ’ব। পৰিয়ালৰ পুৰুষসকলৰ পৰিৱৰ্তে মহিলাসকলক চৰকাৰে ধন দিয়াৰ যুক্তি দাঙি ধৰি তেওঁ কয় যে মহিলাসকলক ধন দিলে সেই ধনৰ ১০০ শতাংশই ঘৰৰ বাবে খৰচ হয়। কিন্তু পুৰুষে চৰকাৰৰ পৰা পোৱা ধনৰ কিছু অংশ নিজৰ বাবেও খৰচ কৰে। এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহল, সাংসদ ৰঞ্জিত দত্ত, বিধায়কদ্বয় গণেশ লিম্বু, পৃথ্বিৰাজ ৰাভা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্রবর্তী, জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ প্ৰমুখ্যে কেই বাগৰাকীও শীর্ষ বিষয়া আৰু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।