ঢেকিয়াজুলি সমষ্টিৰ কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা মন্ত্ৰী অশোক সিংহলৰ

ঢেকিয়াজুলি সমষ্টিৰ কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা মন্ত্ৰী অশোক সিংহলৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহলে আজি ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত আয়োজিত এক অনুষ্ঠানত চলিত বৰ্ষত সমষ্টিটোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। আজিৰ অনুষ্ঠানত সমষ্টিটোৰ পৰা এইবাৰ ন্যূনতম প্ৰথম বিভাগ বা তাৰ ওপৰত সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৭১০ গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ৩৪৬ গৰাকী শিক্ষাৰ্থীক অভিনন্দন পত্ৰ আৰু একোখনকৈ কিতাপৰ লগতে পৰিৱেশ সংৰক্ষণৰ প্ৰতি উৎসাহিত কৰিবলৈ একোটিকৈ গছপুলিৰে সম্বৰ্ধিত কৰা হয়।অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে শিক্ষাৰ্থীসকলেই আমাৰ সমাজ আৰু দেশৰ ভৱিষ্যৎ। উপযুক্ত মাৰ্গদৰ্শনেৰে নিজকে সু-নাগৰিকৰূপে প্ৰতিষ্ঠা কৰাৰ লগতে বিশ্বদৰবাৰত ভাৰতবৰ্ষ আৰু অসমৰ নাম উজলোৱাত এওঁলোকেই আগলৈ গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি মন্তব্য কৰি দেশৰ স্বৰ্ণিল যুগৰ অংশ এই প্ৰজন্মক নিজকে স্বৰ্ণিল নাগৰিকৰূপে প্ৰতিষ্ঠা কৰাত অহোপুৰুষাৰ্থ কৰিবলৈ তেওঁ আহ্বান জনায়। ইয়াৰ বাবে জ্ঞানৰ সঠিক ব্যৱহাৰ, অধ্যাৱসায়, জিজ্ঞাসা, দায়িত্ববোধ, ছ’চিয়েল মিডিয়াৰ সীমিত আৰু উপযুক্ত ব্যৱহাৰ, চৰিত্ৰ, নিয়মানুৱৰ্তিতা ইত্যাদি প্ৰত্যেকটো দিশতে যতন লৈ ‘দেশ প্ৰথম’ চিন্তাৰে আগবাঢ়ি যাবলৈ তেওঁ শিক্ষাৰ্থীসকলক পৰামৰ্শ আগবঢ়ায়। তেওঁ কয় যে বিদ্যালয়ৰ তুলনাত কলেজৰ বান্ধোনহীন পৰিৱেশে বহু ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত কৰে। প্ৰকৃতিৰ সকলো নিয়ম অনুশাসনত চলে বুলি মন্তব্য কৰি স্ব-অনুশাসনেৰে নিজকে বিপথগামী নোহোৱাকৈ ৰাখিবলৈ শিক্ষাৰ্থীসকলক পৰামৰ্শ প্ৰদান কৰে। তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত এতিয়া প্ৰযুক্তিও আমাৰ অন্যতম প্ৰতিদ্বন্দী হৈ পৰিছে। এতিয়া সমনীয়াৰ লগত নহয়, নিজৰ লগত নিজে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ সময় বুলি মন্তব্য কৰি প্ৰযুক্তিৰ উপযুক্ত প্ৰয়োগেৰে নিজকে মূল্যৱান মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ তেওঁ ছাত্ৰছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়। কৃতী শিক্ষাৰ্থীসকলে নিজৰ শৈক্ষিক জীৱন অধিক গুণ-মানসম্পন্ন কৰি তুলি আগলৈ সম্পদৰূপে সমাজৰ সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।আজিৰ অনুষ্ঠানত ঢেকিয়াজুলিৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী শচীন বৈশ্য আৰু বীৰেন শইকীয়াৰ লগতে বহুকেইখন শিক্ষানুষ্ঠানৰ অধ্যক্ষ তথা প্ৰধান শিক্ষকসকল উপস্থিত থাকে৷ইফালে আজি বিয়লি মন্ত্ৰী সিংহলে ঢেকিয়াজুলিৰ শিঙৰীস্থিত পৱিত্ৰ গুপ্তেশ্বৰ মন্দিৰ পৰ্যবেক্ষণ কৰি প্ৰত্নতাত্ত্বিক বিভাগে চলাই থকা খননকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে এই সুপ্ৰাচীন তীৰ্থস্থানটিক জীয়াই তুলিবলৈ চৰকাৰী উদ্যোগত গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক কাম-কাজো পৰিদৰ্শন কৰে।