ঢুলীয়া চেনাইধন
জেফলিন চুলতানা
মোৰ ঢুলীয়া চেনাইধন
বহাগত তুমি আহিবা বুলি থাপনাত এগছি
বন্তিও জ্বলাইছোঁ
আৰু মনে মনে ভাবিছোঁ
তুমি যেতিয়ালৈ আছা
ময়ো তেতিয়ালৈ আছোঁ
মোৰ সহযাত্ৰী তুমিয়েইতো হয় ।
অ মোৰ ঢুলীয়া চেনাইধন
তুমি আহিবা বুলি
দেউতাই দিয়া মুগা ৰিহাখনো সজতনে থৈছোঁ
কপৌফুল পাহ আৰু গগনাখন মৰমৰ বান্দোনত বন্দী কৰি থৈছোঁ
তুমি মৰমতে খোপাত গুজি দিবা
আৰু মই হেঁপাহ পলুৱাই এপাক নাচিম ।
