ড° হীৰেন গোহাঁইৰ সংবাদ মেল

ড° হীৰেন গোহাঁইৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাহুল গান্ধীৰ অসমত ভাৰত জোড়ো যাত্ৰাত বাধা নিদিব।আমাক তেওঁৰ কথা শুনিবলৈ দিয়ক।আমিও তেওঁক আমাৰ মনৰ কথা কম।আমি গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধাশীল ‌বৰ্তমানৰ চৰকাৰ সৈৰাচ্ছাৰী চৰকাৰ৷এই চৰকাৰে কেৱলমাত্ৰ কংগ্ৰেছৰ ভূতহে দেখে।-এই মন্তব্য বিশিষ্ট বুদ্ধীজীৱী ড° হীৰেন গোহাঁইৰ৷আজি ’কা’ বিৰোধী সমন্বয় মঞ্চই আয়োজন কৰা সংবাদ মেলত পুনৰ ড° গোহাঁই কয়-ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মতে মিয়াৰ যাত্ৰা। এইবোৰ টুলুঙা মন্তব্য, সমগ্ৰ যাত্ৰাক সাম্প্ৰদায়িক কৰিব বিচাৰিছে।বিজেপিৰ চৰকাৰে ভয়ত পেপুৱা লাগিছে৷অসমৰ ৰাইজক এনে সাম্প্ৰদায়িক শাসনৰ পৰা মুক্ত হ’বলৈ আহ্বান৷আজিৰ সভাত ’কা’ বিৰোধী সমন্বয় মঞ্চৰ আহ্বায়ক দেৱেন তামুলী, আব্দুল মান্নান, ইচফাকুৰ ৰহমানেও বক্তব্য ৰাখে। উল্লেখযোগ্য যে অহা ২২ জানুৱাৰীত এক সভাৰ অন্তত কৰা আন্দোলনৰ ঘোষণা কৰা হ’ব আৰু ২৬ জানুৱাৰীত এক অভিৱৰ্তনৰ যোগে আন্দোলনৰ সূচনা কৰা হ’ব বুলি প্ৰকাশ কৰে। ৰাহুল গান্ধীৰ যাত্ৰাত গুৱাহাটীৰ মাজেৰে যোৱাত দিয়া বাধা আচলতে ভয়ৰ অন্যতম কাৰণ হৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ বাক্যত লেগাম লগাবলৈ আহ্বান, লগতে ইয়াৰ প্ৰভাৱ যুৱচামৰ ওপৰত পৰিব বুলি প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী বৰ্তমান ৰাজনৈতিক দুষ্কৃতিৰ প্ৰতীক বুলি আখ্যা দিয়ে।