ড° হিমন্ত বিশ্ব শৰ্মা – নাজবিন চুলতানা

ড° হিমন্ত বিশ্ব শৰ্মা

নাজবিন চুলতানা
পাটসাঁকো ,শিৱসাগৰ

বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা জন্ম হৈছিল ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত গুৱাহাটী, গান্ধীবস্তী, উলুবাৰীত । এক বিনম্ৰ পৰিয়ালৰ ,হিমন্ত বিশ্ব শৰ্মা এজন অসমীয়া সমাজৰ বামুণ লোক। তেওঁৰ পিতৃৰ নাম কেলাশ নাথ শৰ্মা । তেখেতৰ পিতৃ এজন প্ৰসিদ্ধ কবি আৰু লেখক আছিল । তেওঁৰ মাতৃৰ নাম মৃণালীনী দেৱী।তেখেতৰ মাতৃ সাহিত্য সভাৰ সৈতে জড়িত আছিল।তেওঁৰ পৰিয়ালৰ কোনো লোক ৰাজনীতিৰ সৈতে সংযোগী নাছিল।

তেওঁৰ পত্নীৰ নাম ৰিনিকি ভূঞা শৰ্মা। প্ৰতিটো মুহূৰ্ততে প্ৰেৰণা যোগোৱা পত্নী ৰিনিকি ভূঞা শৰ্মা এগৰাকী সুদক্ষ লেখিকা আৰু জনপ্ৰিয় আলোচনী ” আইনা জীৱনৰ ” মূখ্য পৃষ্ঠপোষক। ১৭ বছৰ বয়সৰ পৰাই কটনৰ বাকৰিৰ পৰা আৰম্ভ হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ যাত্ৰা । ২০০১ চনত হিমন্ত বিশ্ব শৰ্মা আৰু ৰিনিকি ভূঞা শৰ্মাৰ বিবাহ হৈছিল । দুটি সন্তানৰ পিতৃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰৰ নাম হৈছে নন্দিল বিশ্ব শৰ্মা আৰু তেখেতৰ জীয়েকৰ নাম হৈছে সুকন্যা বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ সময়ত বিশ্বজুৰি বিয়পি পৰিছিল এটা মন্তব্য ,যিটো হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই কৈছিল যে তেতিয়াৰ দিনতে মুখ্যমন্ত্ৰী হ’ম বুলি প্ৰেয়সীক কথা দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তেতিয়াৰ সপোন এতিয়া বাস্তৱ হ’ল। ২২বছৰ অতিক্ৰম কৰি ২৩ টা বছৰত ভৰি দিছে তেওঁলোকৰ বৈবাহিক সম্পৰ্কই । অলেখ ব্যস্ততাৰ মাজতো ফেজবুক প’ষ্টৰ জৰিয়তে বিবাহ বাৰ্ষিকীৰ উপলক্ষে তেওঁ লিখিছিল  -“জীৱনটো এটা যাত্ৰা । যেনেকৈ আপুনি এই যাত্ৰাত প্ৰেমত পৰে তেনেকৈ জীৱনক ভাল পাবলৈ লয় । আমাৰ ২৩ সংখ্যক বিবাহ বাৰ্ষিকীত উপনীত হৈছো। ঈশ্বৰে সদায় আমাৰ জীৱনৰ ৰোলাৰ কোষ্টাৰখন চলাই নিয়াত সহায়ক হওক।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰুকালত এজন অভিনেতাও আছিল। ১৯৮৪ চনত তেওঁ “ককাদেউতা,নাতি আৰু হাতী ” ছবিখনত শিশু অভিনেতা হিচাপে অভিনয় কৰিছিল। ২০১৬ চনত তেওঁ অসম ক্ৰিকেট এচ’ছিয়েনৰ মূখ্য আছিল। তেওঁ বিশেষকৈ বেডমিণ্টন খেলৰ প্ৰতি আগ্ৰহী। ২০১৭ চনত তেওঁ ভাৰতৰ বেডমিণ্টন এচ’ছিয়েচনৰ প্ৰেচিডেণ্ট হিচাপেও নিয়োজিত ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঢ়াৰ আৰম্ভণি কৰিছিল গুৱাহাটী কামৰূপ একাডেমী স্কুলৰ পৰা। ১৯৭৯-৮০ চনত অসম আন্দোলন চলি থকা সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মা স্কুলত পঢ়ি আছিল। সেইসময়ত ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আছুৰ নেতৃত্বত অসম আন্দোলনৰ সূত্ৰপাত হৈছিল। এইদৰে তেওঁ ছাত্ৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু আছুত যোগদান কৰিছিল।এই সময়ছোৱাতে তেওঁ লগ পাইছিল প্ৰফুল্ল কুমাৰ আৰু ভৃগু কুমাৰ, এই দুজন নেতাক। এই দুজন নেতাই সেই সময়ত অসমত বৃদ্ধি পোৱা অবৈধ বাংলাদেশী আৰু ঘোচবাসীকলৈ সৃষ্টি হোৱা আন্দোলনৰ আগ-ভাগ লৈছিল । তেওঁলোকৰ লগত গাওঁ প্ৰতিৱেশীৰ সকলোৱে গাওঁসভাৰ পৰা মঞ্চলৈকে বহুতো লোক সহায়ৰ বাবে আগবাঢ়ি আহিছিল আৰু ইয়াতে ১০ বছৰীয়া এজন ল’ৰাও জড়িত আছিল। কম বয়সতে সকলোতকৈ সন্মুখত থকা বিষয়টোৱে সকলোৰে মনত আশ্চৰ্যকৰ মনোভাব জন্মালে। সেয়ে সেইসময়ত ৰাজনীতিত তেওঁক বিস্ময় বালক হিচাপে জনা গৈছিল। হিমন্ত বিশ্ব শৰ্মাই ডিগ্ৰীৰ বাবে কটন কলেজত প্ৰৱেশ কৰিছিল। ১৯৯২ চনত তেওঁ ৰাজনীতি বিজ্ঞানত ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। এই সময়ছোৱাত কটন কলেজত তিনিবাৰকৈ মহাসচিব হিচাপে স্বীকৃতি পাইছিল। ডিগ্ৰী সমাপ্ত কৰি তেওঁ চৰকাৰী ল'(Low) কলেজৰ পৰা LLB কৰিলে। পাছলৈ ৰাজনীতিত থাকিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ.ডি (Ph.d.) সম্পূৰ্ণ কৰিছিল। তেওঁ কলেজীয়া জীৱনৰ পৰাই এজন প্ৰখৰ বক্তা আছিল।এজন সুদক্ষ সংগঠক আৰু গণনীতিগাৰ আছিল। তেওঁ কলেজৰ ছাত্ৰ নেতা হিচাপে জনপ্ৰিয় আছিল। তেওঁ ১৯৯৪ চনত কংগ্ৰেছত যোগদান হৈছিল। তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া । সেইসময়ত হিমন্ত বিশ্ব শৰ্মাক ছাত্ৰ আৰু যুৱ কল্যাণৰ বাবে নিৰ্মিত ৰাজ্যস্তৰৰ পৰামৰ্শ সমিতিৰ হিতেশ্বৰ শইকীয়াৰ সহায়েৰে সদস্য সচিব নিয়োজিত কৰে। ইয়াৰ পৰাই হিমন্ত বিশ্ব শৰ্মাৰ আৰম্ভ হৈছিল ৰাজনৈতিক যাত্ৰা। তেওঁৰ সক্ৰিয়তা আৰু কৰ্মৰতাক হিতেশ্বৰ শইকীয়াই মূল্যাংকন কৰিছিল। ইয়াৰ জৰিয়তে প্ৰথমবাৰ কংগ্ৰেছে ১৯৯৬ চনত জালুকবাৰী বিধানসভা ক্ষেত্ৰৰে গঢ় দিলে। কিন্তু এই আসনৰ বিপক্ষে অৰ্থাৎ বিৰোধী নেতা আছিল অসম গণ পৰিষদৰ নেতা ভৃগু ফুকন । যিজনৰ সৈতে হিমন্ত বিশ্ব শৰ্মাই ১০ বছৰ কালৰ পৰা ঘূৰি ফুৰিছিল । যিজনে ষ্টুডেণ্ট পলিটিকচ্‌ ৰ দিনৰ পৰা তেওঁক ৰাজনীতিৰ শিক্ষা দিছিল। হিমন্ত বিশ্ব কৰ্মাই প্ৰথম সংগ্ৰাম কৰিছিল নিজৰ গুৰুৰ সৈতে । এই সংগ্ৰামত অৱশ্যে হিমন্তৰ জয়ী হোৱা নাছিল কিন্তু ইয়াৰ পৰা পোৱা শিক্ষাই তেওঁৰ জীৱন সলনি কৰি দিলে । তেওঁক এই শিক্ষাৰ পৰামৰ্শ দিছিল তৎকালীন প্ৰধানমন্ত্ৰী পি.ভি. নাৰ্চিমহা ৰাও য়ে । তেওঁ হিমন্ত বিশ্ব শৰ্মাক লগ পাই কৈছিল -“কেণ্ডিডেট লাগিলে হাৰি যাওক কিন্তু তেওঁ নিজৰ আসন এৰি যাব নালাগে ।” এই পৰামৰ্শ হিমন্ত বিশ্ব শৰ্মাৰ বাবে সফলতাৰ মন্ত্ৰ হিচাপে কামত দিলে । সেইমতেই তেওঁ জালুকবাৰী এৰি নিদিলে ।জনতাৰ মাজত থাকি জনতাৰ দুখ বুজি সহায় কৰি জনসাধাৰণৰ সৈতে সংযোগ স্থাপন কৰিলে আৰু ২০০১ চনত পুনৰ বিধানসভা নিৰ্বাচন হ’ল। পুনৰ আহিল জালুকবাৰীৰ ৰাজনীতিৰ আসনক লৈ সংগ্ৰামী যুঁজ ভৃগু ফুকন আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত। কিন্তু এইবাৰ জয়ী হ’ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। তাৰপৰাই অসমী ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ নতুন পৰিচয়ৰে জনপ্ৰিয়তা লাভ কৰিলে। প্ৰথম অৱস্থাত হিমন্ত বিশ্ব শৰ্মাক কৃষি আৰু যোজনা বিকাশ বিভাগত ৰাজ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰিলে। কিন্তু ২০০৬ চনত স্বাস্থ্য আৰু বিত্তীয় মন্ত্ৰালয়ৰ দৰে বহুতো বৃহৎ বিভাগৰ দায়িত্ব লৈছিল আৰু তেওঁ লাহে লাহে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পাছত দ্বিতীয় স্থানত পৰিণত হ’ল। ৰাজ্যত সক্ৰিয় বিদ্ৰোহী সংগঠন নিয়ন্ত্ৰণৰ পৰা অবৈধ নাগৰিকৰ লগত সংযোগী বৃহৎ গুৰুত্বপূৰ্ণ বিষয়ত হিমন্ত বিশ্ব শৰ্মাৰ ৰায় প্ৰয়োজনৰ নিশ্চিত হৈছিল। তেওঁ কৰ্মক্ষেত্ৰত তৰুণ গগৈৰ সোঁ হাত আছিল। গগৈয়ে একপক্ষত তেওঁৰ ৰাজনৈতিক ক্ষমতা আৰু প্ৰশাসনিক ক্ষমতা দেখুওৱাৰ স্বতন্ত্ৰৰ অৱসৰ লৈছিল। বড়োলেণ্ড পাৰ্টীক চৰকাৰৰ দ্বাৰা ৰচাৰ সিদ্ধান্তৰ কথা আদিৰ দৰে সকলো ৰাজনৈতিক নিৰ্ণয় আদিত হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল। তেওঁ এককথাত অসমৰ মুখ্যমন্ত্ৰীৰ ছাঁ ৰ দৰে হৈ পৰিছিল । তদুপৰি তেওঁ আশা কৰি লৈছিল যে তৰুণ গগৈৰ অৱসৰৰ পাছত তেওঁক মুখ্যমন্ত্ৰী আসনৰ দায়িত্ব দিব। ২০১১ চনত কংগ্ৰেছৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ পুনৰ জয়ী হৈছিল আৰু মুখ্যমন্ত্ৰী হিচাপে পুনৰ আছিল তৰুণ গগৈ। যাৰ সম্পূৰ্ণ কৃতিত্ব দিয়া হৈছিল হিমন্ত বিশ্ব শৰ্মাক। সেইবাৰো হিমন্ত বিশ্ব শৰ্মাক শিক্ষা বিভাগৰ মন্ত্ৰালয়ৰ বৃহৎ দায়িত্বৰ আসন দিলে ।কিন্তু এইবাৰ তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ কৰ্মকাণ্ডৰ মাজত বিভেদ আহিল। সেইসময়তে অন্য এক চৰ্চা আছিল যে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈক ৰাজনীতিৰ ক্ষেত্ৰত প্ৰৱেশ কৰাবৰ বাবে প্ৰস্তুত কৰা হৈছে। গৌৰৱ গগৈয়ে ইঞ্জিনিয়াৰিং পঢ়ি দিল্লীত চাকৰিৰ নিয়োজিত আছিল। কিন্তু পিতৃৰ নিৰ্দেশত তেওঁ পাবলিক প্ৰশাসন ৰ ডিগ্ৰী লৈছিল আৰু ৰাজনীতিত নিয়োগ হৈছিল। ২০১২-১৩ চনত তেওঁক ৰাজনীতিৰ কাৰুকাৰ্যত অংশগ্ৰহণ কৰা দেখা গ’ল। আনহাতে ৰাজীৱ গান্ধী আমেৰিকাৰ পৰা উভতি আহি গৌৰৱ গগৈৰ প্ৰতি আগ্ৰহী আছিল। এই সকলোবোৰৰ মাজত হিমন্ত বিশ্ব শৰ্মাই নিজক পাৰ্শ্বীয় অনুভৱ কৰিলে। সেয়ে হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীলৈ অহা-যোৱাৰ প্ৰকোপ বাঢ়িব ধৰিছে আৰু বিধায়কৰ বিৰুদ্ধে যাব ধৰিলে। ২০১৫ চনৰ মাজভাগত তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত বিশৃংখলতা বৃদ্ধি পাব ধৰিলে । কোৱা হৈছিল হিমন্তই বিজেপিৰ ক্ষেত্ৰত সম্পৰ্ক স্থাপন আৰম্ভ কৰিছে। ২০১৪ চনত কংগ্ৰেছে অসমৰ প্ৰাৰ্থী তথ্য উলিওৱাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী দলৰ সৈতে সম্পৰ্ক মজবুত হ’ব ধৰিলে। কাৰণ ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈক অসম কালিয়া বোৰ্ড আসনৰ টিকেট দিয়া হৈছিল। গগৈৰ বিচাৰ ব্যৱহাৰ উদ্দেশ্যে ছোনীয়া গান্ধী আৰু ৰাজীৱ গান্ধীৰ সৈতে কেইবাবাৰো আলোচনা কৰিছিল কিন্তু তেওঁৰ পক্ষত কোনো থিয় নহ’ল। ২০১৩-১৪ চনৰ মাজভাগত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিধায়কৰ হস্তাক্ষৰ অভিযানক লৈ নিজৰ সমৰ্থনত অধিক সংখ্যা হোৱাৰ বাবে পাৰ্টী হায়কমাণ্ডক জনাইছিল কিন্তু গগৈক আসনৰ পৰা আঁতৰাব নোৱাৰিলে। তৰুণ গগৈয়ে পত্ৰকাৰৰ সন্মুখত এবাৰ ঘোষণা কৰিছিল যে তেওঁ হিমন্ত বিশ্ব কৰ্মাক চকু বন্ধ কৰি ভৰসা কৰিছিল। মুখ্যমন্ত্ৰী আসনকলৈ হিমন্ত বিশ্ব শৰ্মা গগৈৰ সৈতে হোৱা যুঁজৰ ক্ষোভ মূলতে ৰাজীৱ গান্ধীৰ ওপৰত প্ৰত্যক্ষ আছিল। তাৰ ২বছৰৰ পাছতেই হিমন্ত বিশ্ব শৰ্মা বিধানসভাত নিজৰ পদৰ পৰা ইস্তাফা দিছিল আৰু ২০১৫ চনৰ আগষ্টত বিজেপি অধ্যক্ষ অমিত শ্বাহৰ ঘৰত ১০ জন বিধায়কৰ লগত বিজেপিৰ সদস্য ল’লে। প্ৰকৃততে ২০১৪ চনৰ পৰা ২০১৫ চনৰলৈকে অসম বিজেপিৰ অধ্যক্ষ আছিল ৰাম মাধৱ আৰু তেওঁৱেই হিমন্ত বিশ্ব শৰ্মাক বিজেপিলৈ লৈ যোৱাৰ দায়িত্ব সিদ্ধাৰ্থ ভট্টাচাৰ্যক দিছিল। সিদ্ধাৰ্থই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতিলে।কথা-বথৰাত অনুমান হ’ল যে তেওঁ কংগ্ৰেছকলৈ সন্তুষ্টি নহয়। হিমন্ত বিশ্ব শৰ্মা এজন বুদ্ধিমত্তা আৰু অতি মহত্ত্বকাংক্ষী ব্যক্তি আৰু তেওঁৰ সমৰ্থনো অধিক। অৰ্থাৎ জুইৰ সৈতে খেলা ব্যক্তি হিচাপে পৰিগণিত ব্যক্তি বাবে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক যিকোনো প্ৰকাৰে নিয়াৰ ব্যৱস্থা কৰিছিল। ২০১৫ চনৰ জুলাইত সিদ্ধাৰ্থই হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ লৈ গৈছিল বিজেপিত নিয়োগ কৰোৱাৰ উদ্দেশ্যে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পক্ষৰ পৰা কোনোৱে এই কথা বিয়পাই পেলালে আৰু ওচৰ পালেগৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ। সেইসময়ত বিজেপিৰ চিনাকী নেতা,বিজেপিৰ মুখ্য,নৰেন্দ্ৰ মোডী কেবিনেটৰ মন্ত্ৰী আছিল। কিন্তু সৰ্বানন্দ ডাঙৰীয়াৰ আসন হিমন্ত বিশ্ব শৰ্মাই লোৱাৰ আশংকাত প্ৰেচ কনফাৰেন্সৰ আৰোপ লগাই বাধাৰ সৃষ্টি কৰিলে। কেইদিনমানৰ পাছতেই হিমন্ত বিশ্ব শৰ্মা আৰু সিদ্ধাৰ্থ বিজেপি অধ্যক্ষ অমিত শ্বাহৰ ওচৰলৈ গৈছিল। অমিত শ্বাহে সোণোৱালৰ দ্বাৰা কৰা প্ৰেচ কনফাৰেন্সকতভুল বুলি প্ৰমাণিত কৰিলে যাৰ দ্বাৰা হিমন্ত বিশ্ব শৰ্মাই বিজেপিত পদাপৰ্ণৰ সুযোগ পালে। বিজেপিৰ বঠা ধৰিয়ে তেওঁ নিজ লক্ষ্যস্থানলৈ পাতনি মেলিলে। অসমত বিজেপি জয়ৰ মূখ্য ভূমিকা আছিল হিমন্ত বিশ্ব শৰ্মা ।প্ৰকৃততেত ১০ বিধায়কৰ সৈতে হিমন্ত বিশ্ব শৰ্মাই বিজেপিত নিয়োজিত হোৱাত কংগ্ৰেছ কাৰ্যকৰ্তাৰ মনোবল দুৰ্বল হ’ব ধৰিলে। ২০১৬ চনৰ নিৰ্বাচনত বিজেপিয়ে ৮৬ টা চিটৰ সৈতে জয়ী হৈছিল। অসমত প্ৰথমবাৰ বিজেপিৰ জয় ২০১৬ চনৰ বিজেপি চৰকাৰ স্থান। বিজেপি চৰকাৰ নিৰ্মাণত অসমৰ লগতে মেঘালয়,ত্ৰিপুৰা,মিজোৰাম,নাগালেণ্ড আদিত গঢ়ি তোলা বন্ধুত্বৰে তেওঁ পূৰ্বোত্তৰ ৰাজ্যৰ কংগ্ৰেছমুক্তৰ বৃহৎ ভূমিকা লৈছিল। তেওঁৰ কাৰ্যক্ষমতাৰ পাৰ্গত ৰণনীতি আদিৰ তুলনা সাধাৰণতে অমিতশ্বাহৰ সৈতে কৰা হয়। তদুপৰি কিছু ক্ষেত্ৰত বিজেপিৰ প্ৰশান্ত কিশোৰ বুলি কোৱা হয়। ড° হিমন্ত বিশ্ব শৰ্মাৰ সুদক্ষ প্ৰদৰ্শনৰ সক্ষমতাত বিজেপিৰ ২০২১ চনত অসম বিধানসভাৰ নিৰ্বাচনত জয়ী হৈছিল আৰু ২০২১ চনৰ ১০ মে’ ত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠিত হ’ল।

দৃঢ় মনৰ মহৎ ব্যক্তি ড° হিমন্ত বিশ্ব শৰ্মা এজন অসীম শক্তিৰ অধিকাৰী। জনতাৰ হৃদয় জিনা এইজনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সফল কৰ্মৰাজিৰ বাবে অসমত সকলোৰে প্ৰিয় “মামা” ৰ ছদ্মনামেৰে তেওঁ পৰিচিত । ১০ বছৰ বয়সৰ পৰা জাগ্ৰত হোৱা সপোনৰ, বাস্তৱ ফিৰিঙতিৰ ৰূপ দিয়া তেওঁৰ ধৈৰ্য্য আৰু সাহসৰ বিশ্বাসৰ দৃঢ়তা উল্লেখনীয়। সফলতাৰ আঁৰত প্ৰতিটো মুহূৰ্ততে পাইছিল তেওঁৰ পত্নীৰ পৰা  প্ৰেৰণা । কটন কলেজৰ আদৰ্শ মন্তব্য “অপ্ৰেমট্টেম ৱেদব্য ” অৰ্থাৎ একাগ্ৰতাৰে নিজৰ লক্ষ্যত উপনীত হোৱা যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সফলতাৰ জয়ে প্ৰমাণ কৰে । যিটো তেওঁ আখৰে আখৰে পালন কৰিলে।