ড° বীৰেন্দ্ৰ নাথ দত্তৰ মৃত্যুত চচলত শোক প্ৰকাশ আৰু স্মৃতিচাৰণ সভা

ড° বীৰেন্দ্ৰ নাথ দত্তৰ মৃত্যুত চচলত শোক প্ৰকাশ আৰু স্মৃতিচাৰণ সভা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ চচল শতদল শাখা সাহিত্য সভাৰ সভাগৃহত অনুষ্ঠিত হোৱা এখন সভাত অসমৰ লোক সংস্কৃতিৰ সাধক, গৱেষক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অধ্যাপক, পদ্মশ্ৰী ড° বীৰেন্দ্ৰ নাথ দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ স্মৃতিচাৰণ কৰা হয়। ইয়াৰ পূৰ্বে সভাৰ প্ৰাংগনত অসম সাহিত্য সভাৰ পতাকা অৰ্ধনমিত কৰা হয় আৰু শিল্পী-সাহিত্যিক গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত ড° বীৰেন্দ্ৰ নাথ দত্তৰ জীৱন, বহুমূলীয়া কৰ্মৰাজি আৰু অতুলনীয় ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰে থানেশ্বৰ মালাকাৰ, ড° মিনেশ্বৰ হাজৰিকা, কনক চন্দ্ৰ মহন্ত, হৰেশ্বৰ ডেকা আৰু ড° কমল চৌধুৰীয়ে। ড° বীৰেন্দ্ৰ নাথ দত্তৰ নিচিনা এগৰাকী সৰ্বগুণ সম্পন্ন তথা অসমীয়াৰ চিৰনমস্য ব্যক্তিৰ বিয়োগ জাতিটোৰ এক অপুৰণীয় ক্ষতি বুলি সকলোৱে মত প্ৰকাশ কৰে। সভাৰ শেষত প্ৰয়াত সাহিত্যিক গৰাকীৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে অসমীয়া সংস্কৃতিৰ পুৰোধা ব্যক্তি গৰাকীৰ পৱিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰি একমিনিট সময় ভগৱানৰ ওচৰত মৌন প্ৰাৰ্থনা জনোৱা হয়।