ড° পাৰ্থসাৰথি মহন্তলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে অসম আৰক্ষীয়ে । অসামৰিক নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত সেৱা আগবঢ়াই অসমৰ মুঠ ২১ বিষয়া-জোৱানে লাভ কৰিছে পদক। কেন্দ্রীয় গৃহ মন্ত্রালয়ে ঘোষণা কৰা অনুসৰি সৰ্বোচ্চ সন্মান হিচাপে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ড° পাৰ্থসাৰথি মহন্তই লাভ কৰিছে বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক। সাহসিকতাৰ বাবে আৰক্ষীৰ পদক লাভ কৰিছে আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপ, মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়ো আৰু কনিষ্টবল অখিল ৰঞ্জন দাসে। একেদৰে প্রশংসনীয় সেৱাৰ বাবে মেডেল লাভ কৰা আৰক্ষী বিষয়াসকল হৈছে- মহাপৰিদৰ্শক সংযুক্ত পৰাশৰ, বিবেক ৰাজ সিং, অধিনায়ক জয়শ্রী খেৰছা, আৰক্ষী অধীক্ষক হৃদয়জিত বর্মন, নোমল মাহাত্তো, কমাণ্ডেণ্ট দেৱাশিস বৰা, টাবুৰাম পেণ্ড, উপ-আৰক্ষী অধীক্ষক নিৰ্মল চন্দ্ৰ বিশ্বাস, পৰিদৰ্শক ললিত শইকীয়া, ধ্ৰুৱ চাৰকি, উপ-পৰিদৰ্শক অখিল কুমাৰ দাস, ৰবীন্দ্ৰ সিংহ আৰু সহকাৰী অধিনায়ক নবীন চন্দ্র শর্মা। আনহাতে অগ্নিনির্বাপক সেৱাত প্রশংসনীয় সেৱা আগবঢ়াই মেডেল লাভ কৰা বিষয়াসকল হৈছে- উপ-বিষয়া অশোক দাস, তাৰক চন্দ্ৰ তালুকদাৰ আৰু লিডিং ফায়াৰমেন খগেন চন্দ্ৰ কলিতা। গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষাত প্রশংসনীয় সেৱাৰ বাবে অনুৰূপ পদক অর্জন কৰিবলৈ সক্ষম হৈছে পোষ্ট বার্ডেন (স্বেচ্ছাসেৱক) ড° শান্তনু ৰায় চৌধুৰীয়ে।