ড° নবীন চন্দ্ৰ শৰ্মাৰ মৃত্যুত অসম প্ৰকাশন পৰিষদৰ শোক

Pc Xahitya.org

ড° নবীন চন্দ্ৰ শৰ্মাৰ মৃত্যুত অসম প্ৰকাশন পৰিষদৰ শোক

ৰঙিলী বাৰ্ত্তাসেৱা-  লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা প্ৰাপক , অসম সাহিত্য সভাৰ ’সদস্য মহীয়ান“ ড° নবীনচন্দ্ৰ শৰ্মাৰ মৃত্যুত অসম প্ৰকাশন পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে ৷ এক শোক বাৰ্তাত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সাহিত্যিক গৰাকীৰ মৃত্যু আমাৰ সমাজ জীৱনৰ বিস্তৰ ক্ষতি বুলি উল্লেখ কৰে ৷ সচিব কলিতাই প্ৰয়াত সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷