ড০ ভূপেন হাজৰিকাৰ প্ৰতিটো গানে আমাক আকৃষ্ট কৰে?
অনামিকা(সংগীতা ) কলিতা,শুৱালকুছি
বিষয়টো প্ৰিয়। হে মহান শিল্পী তোমাক প্ৰণাম জনাইছোঁ। আমাৰ প্ৰিয় শিল্পী ভাৰত ৰত্নেৰে বিভূষিত শ্ৰদ্ধাৰ ড০ভূপেন হাজৰিকাৰ দেৱৰ মৃত্যু তিথি ৫ নৱেম্বৰ অসম তথা ভাৰতবৰ্ষৰ সকলো শিল্পী সমাজে পালন কৰিলে, আমিও শ্ৰদ্ধাৰে সোঁৱৰিলো । এগৰাকী অসমৰ সুযোগ্য সন্তান যাক সংগীতৰ সূৰ্য আখ্য দিয়া হয়, তেনে বিশ্ব বৰেণ্য ব্যক্তি গৰাকী আমাৰ অসম ভূমিপুত্ৰ হিচাপে সকলোৱে গৌৰৱ অনুভৱ কৰে।
তেওঁক শ্ৰদ্ধাৰে প্ৰণিপাত কৰিলোঁ ।গুৱাহাটী জালুকবাৰী থকা তেখেতৰ সমাধিক্ষেত্ৰও আছে।এনেকুৱা ব্যক্তি সমাজত খুব কম থাকে যি নিজৰ প্ৰতিভাৰে গোটেই বিশ্বতে নিজৰ নাম উজলাব পাৰে।তাৰ ভিতৰত সংগীতৰ পূজাৰী মহান সংগীতজ্ঞ ড০ ভূপেন হাজৰিকাও অন্যতম আছিল। তেখেতৰ কৰ্মৰাজিৰ আমাক অনুপ্ৰাণিত কৰে।
ভাৰত ৰত্ন বিভুষিত অসমৰ সুযোগ্য সন্তান ,বিৰল প্ৰতিভাৰ অধিকাৰী ,সুকোমল হৃদয় ,যাৰ অন্তৰত মানুহৰ প্ৰতি অসীম মৰমৰ থুপ খাই আছিল ।
মোৰ দেউতাৰ মুখেৰে শুনা মতে তেও এনে এজন ব্যক্তি আছিল ,যি জনে নিজৰ বাদ্যযন্ত্ৰ আদিৰে সহযোগ কৰা সকলক বন্ধুৰ দৰে ব্যৱহাৰ কৰাৰ লগতে তেওঁলোকৰ বিপদ আপদত সহায় হাত আগবঢ়াইছিল ।এয়া হয়তো তেখেতৰ আদৰ্শ মাতৃ শান্তিপ্ৰিয়া হাজৰিকা আৰু পিতৃ নীলকান্ত হাজৰিকাৰ পৰাই নীতি-শিক্ষা লাভ কৰিছিল ।এইবোৰেই সহজ সৰল মনৰ মানুহৰ গৰাকীৰ ব্যক্তিত্বই আমাক আকৃষ্ট কৰিছিল।ইয়াৰ উপৰিও তেওঁৰ গীতসমূহত মাটিৰ গোন্ধ বিচাৰি পাওঁ ।
যেনে–‘
বুকু হম হম কৰে মোৰ আই
কোনে নিদ্ৰা হৰে মোৰ আই
পুত্ৰ হ’ই মই কি মতে তৰো
আই তোৰে হ’ই মই মৰো ।।।।
অ বিদেশী বন্ধু দুৰ্ভগীয়া
আজি কিয়নো বন্ধু অকল শৰীয়া । ।।।
এই গীত বোৰত লুকাই আছে ,তেওঁৰ অসমীয়া মানুহ জাতীৰ প্ৰতি তি মৰম আৱেগৰ পৰিচয় ।ইয়াৰো উপৰি তেওঁ পৰিচালনা কৰা অসমীয়া /হিন্দী চলচিত্ৰবোৰ যেনে-‘পিয়লী ফুকণ’ ,চিকমীক বিজুলী ,অশান্ত প্ৰহৰ ,এৰাপাটৰ সুৰ ,গজগামিনী ইত্যাদিৰ সুন্দৰ অৱদানেৰে অসমীয়া জাতীক অসমীয়া ভাষা,সাহিত্য সংস্কৃতিত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি থৈ গৈছে ।
এই গৰাকী অসমীয়া সুৰৰ সম্ৰাট বিভিন্ন ভাষাৰ ওপৰত জ্ঞানৰ পৰিধিৰে সংগীতৰ আলোকেৰে জয়যাত্ৰা কৰা ব্যক্তিৰ নাম সদায় ইতিহাস ত জিলিকি থাকিব। এই সকলো গুণৰ অধিকাৰী ব্যক্তি গৰাকী মোৰেই নহয় সকলোৰে প্ৰিয় সকলোকে আকৃষ্ট কৰে ।
