ড০ ভূপেন হাজৰিকাক মৰণোত্তৰ ভাৱে জ্ঞানপীঠ আৰু নৱেল বঁটা প্ৰদান কৰক : দীপক শৰ্মা

ড০ ভূপেন হাজৰিকাক মৰণোত্তৰ ভাৱে জ্ঞানপীঠ আৰু নৱেল বঁটা প্ৰদান কৰক : দীপক শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  ১৫০০ৰো অধিক গীতৰ ৰচয়িতা তথা কন্ঠদান কৰোঁতা, কবি, প্ৰাবন্ধিক, সু সাহিত্যিক, সংগীত পৰিচালক, বোলছৱি পৰিচালক, সমগ্ৰ ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বতে সুপৰিচিত ড০ ভূপেন হাজৰিকাক মৰণোত্তৰ ভাৱে জ্ঞানপীঠ আৰু নৱেল বঁটা প্ৰদানৰ দাবী জনাইছে “বহুভাষিক সাহিত্য মঞ্চ, অসম” চমুকৈ “বহুবাক”ৰ প্ৰধান সম্পাদক তথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য দীপক শৰ্মাই । বিবৃতিটোত বহুবাকৰ প্ৰধান সম্পাদক শ্ৰীশৰ্মাই আৰু কয়- “ড০ ভূপেন হাজৰিকাই জীৱন কালত সমগ্ৰ ভাৰতবৰ্ষৰ সুখ-দুখ, হাঁহি-কান্দোন, বিপদ-আপদ, সংকট, দুৰ্যোগ আদিৰ সময়ত দেশৰ বৃহত্তৰ স্বাৰ্থত, সকলো সমস্যা সমাধান বা প্ৰশমনৰ বাবে লগতে সমন্বয়-সংহতি- ঐক্যতা-ভাতৃত্ববোধ- প্ৰেমৰ বাবে নিজে শ-শ, হেজাৰ-হেজাৰ গীত ৰছনা কৰিছে । এয়াই নহয় প্ৰতিটো গীতত সুৰ দিছে, কন্ঠ দিছে । ” বিবৃতিটোত বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই আৰু কয়- প্ৰায় ৬০০ গীত লিখি আমেৰিকাৰ বব ডিলানে ২০১৬ চনত ন’বেল বঁটা আজুৰি আনিছিল । আনহাতে, শেহতীয়াভাৱে দেশৰ বিশিষ্ট গীতিকাৰ-কবি গুলজাৰে গীত-কবিতা ৰছনাৰ জড়িয়তে জ্ঞানপীঠ বঁটাৰে বিভূষিত হ’ল । কিন্তু আমাৰ ভূপেন হাজৰিকাক বঞ্চিত কৰি আছে । মৰণোত্তৰভাৱে হ’লেও জ্ঞানপীঠ আৰু ন’বেল বঁটা প্ৰদান কৰিবলৈ দাবী জনালোঁ । এইক্ষেত্ৰত মুখ্য ভূমিকা ল’বৰ বাবে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি বিনম্ৰ অনুৰোধ জনালোঁ ।