ড্ৰায়েৰী  শেষৰ পৃষ্ঠাটো – পংকজ ডেকা 

ড্ৰায়েৰী  শেষৰ পৃষ্ঠাটো

পংকজ ডেকা 
মৰিগাঁও গছগুৰি 

ড্ৰায়েৰীৰ শেষ পৃষ্ঠাটোৰ ,
কথাবোৰ আজি সেই উকা
কাগজখনত  থমকি ৰয় ,
অতীতৰ সকলো সোঁৱৰণি,
মনৰ কথাবোৰে কৈ যায় ।
পৃষ্ঠাটোৰ সকলো পৃষ্ঠা
অশ্ৰুৰে লেখাৰ সেই মধুৰ দিন,
য’ত সপোনৰ এটি সেউজীয়া বতৰা,
এৰি যায় হৃদয়ৰ অলেখ চিন।
এয়া হ’ব পাৰে শেষৰ এটি পৃষ্ঠা,
তথাপি শেষ নহয় জীৱনৰ আঁচল,
য’ত প্ৰতিটো বিৰতি এটি আৰম্ভণি,
নতুন আশাৰ এটি নতুন দিন ।
তুমি হ’লা মোৰ অন্তিম লেখনি ,
নতুন বছৰত তুমি হবা
এটি আলোকৰ ভাষা,
মুখত এটি  হেঁপাহৰ হাঁহি,
জীৱনে দেখুৱাব নতুন এটি আশা।