ড্ৰাগছ মাফিয়াক গোপন তথ্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী জোৱান

ড্ৰাগছ মাফিয়াক গোপন তথ্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী জোৱান

ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও আৰক্ষীৰ গোপন অভিযানত কৰায়ত্ব হৈছে আৰক্ষী। নগাঁৱৰ এগৰাকী উপ-আৰক্ষী অধীক্ষকৰ দেহৰক্ষী হিচাপে কৰ্মৰত মকৰম হুছেইনে ধনৰ বিনিময়ত ড্ৰাগছ মাফিয়াক যোগান ধৰিছিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আগতীয়া খবৰ। শেহতীয়াকৈ নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ গোপন তদন্তত এই কথা পোহৰলৈ অহাৰ পিছতেই নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই মকৰমক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে। নগাঁও আৰক্ষী অধীক্ষকৰ নিৰ্দেশৰ পিছতেই নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াই মকৰম হুছেইনক গ্ৰেপ্তাৰ কৰে। নগাঁও আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীৰ তথ্য বিচাৰি ওৰেনিশা মকৰমক জেৰা চলাইছে বুলিও জানিব পৰা গৈছে।