ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীৰ জালত সোমাল নেতা

pc Times of India

অনলাইন বাৰ্ত্তাসেৱা – ৰঙিয়া আৰক্ষীৰ নেতৃত্বত চলোৱা ড্ৰাগছ বিৰোধী অভিযানত ৰঙিয়াৰ উদিয়ানাৰ নিবাসী তথা বিজেপি নেতা প্ৰদীপ চৌধুৰীক ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। তাৰ পিছত বিজেপিয়ে সংবাদমেল আয়োজন কৰে আৰু প্ৰদীপ চৌধুৰীক দলৰ পৰা বহিষ্কাৰ কৰা হয়। প্ৰদীপ চৌধুৰী বিজেপিৰ নেতা নহয়, এগৰাকী সাধাৰণ কৰ্মীহে বুলি মন্তব্য কৰে উত্তৰ কামৰূপ বিজেপিৰ উপ সভাপতি ভবেশ ডেকাই। বিজেপি এটা বৃহৎ দল, বিজেপি দলত অন্তৰ্ভুক্ত কৰাৰ মুহূৰ্তত কোনে কি কৰে তাৰ প্ৰতি গুৰুত্ব দিয়া নহয়। কিন্তু অনাগত দিনত নতুন কৰ্মীক অন্তৰ্ভুক্ত কৰিলে প্ৰথমে চৰিত্ৰ আৰু কি পেচাৰ লগত জড়িত তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি সংবাদমেলযোগে প্ৰকাশ কৰে ভবেশ ডেকাই।