ড্ৰাইভিং লাইচেন্স আৰু পঞ্জীয়ন প্ৰমাণপত্ৰৰ ক্ষেত্ৰত কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ অন্তত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই সদৰী কৰে কেবিনেটৰ সিদ্ধান্তসমূহ। পৰিবহণ বিভাগে ইলেকট্ৰিক, স্বমুদ্ৰণযোগ্য পি ডি এফ মাধ্যমত বাহন চালনা অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন প্ৰমাণপত্ৰ জাৰি কৰিব। অৰ্থাৎ ড্ৰাইভিং লাইচেন্স আৰু RC ডিজিটেল মাধ্যমেৰে পাব এতিয়াৰে পৰা। এতিয়াৰে পৰা আৰু হাৰ্ড কপিৰ প্ৰয়োজন নাই।ইয়াৰ লগতে বিভাগে ৩ মাহৰ পিছত কিউ আৰ সম্বলিত স্মাৰ্ট কাৰ্ড বাহন চালনা অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন প্ৰমাণপত্ৰ জাৰিৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰিব।