ডেৰ বছৰৰ পিছত ভাৰতলৈ উভতিব নগাঁৱৰ ৱাহিদা বেগম 

ডেৰ বছৰৰ পিছত ভাৰতলৈ উভতিব নগাঁৱৰ ৱাহিদা বেগম 

ৰঙিলী বাৰ্ত্তাসেৱা- ডেৰ বছৰৰ পিছত অৱশেষত ভাৰতলৈ উভতিব পাকিস্তানৰ জেলত বন্দী নগাঁৱৰ ৱাহিদা বেগম আৰু তেওঁৰ ১১ বছৰীয়া পুত্ৰ।খবৰ অনুসৰি, কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পিছত ৱাহিদাক ভাৰতক প্ৰত্যৰ্পণ কৰিব পাকিস্তানে। ২০২২ চনৰ ২৫ নৱেম্বৰৰ পৰা পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা ৱাহিদাক আজি ৱাঘা সীমান্তৰে ভাৰতক প্ৰত্যৰ্পণ কৰিব চুবুৰীয়া দেশখনে। উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত তথা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয় আৰু গৃহ বিভাগৰ তৎপৰতাত স্বদেশলৈ উভতিব ৱাহিদা বেগম।জানিব পৰা মতে, নগাঁৱৰ বৰবজাৰৰ ৱাহিদা বেগম নামৰ মহিলাগৰাকী পুত্ৰ সন্তানসহ ২০২২ চনৰ ১ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল। দৰাচলতে, ১ নৱেম্বৰৰ পুৱা স্বামীৰ বৰবজাৰৰ সম্পত্তি ১ কোটি ৬০ লাখ টকাত বিক্ৰী কৰি চেলিম খান নামৰ এজন কাবুলীৱালাৰ সৈতে অন্তৰ্ধান হৈছিল ৱাহিদা। ইয়াৰ পিছতে ৱাহিদাৰ মাতৃ আজিফা খাতুনে তেওঁৰ লগতে পুত্ৰ সন্তানৰ নিৰুদ্দেশ সন্দৰ্ভত নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। তেনেদৰে কন্যাক উদ্ধাৰৰ চেষ্টা আৰম্ভ হৈছিল।উচ্চতম ন্যায়ালয়টো আবেদন কৰিছিল ৱাহিদাৰ মাতৃ আফিজা খাতুনে। গৃহ মন্ত্রণালয়ক দিয়া আবেদনৰ ভিত্তিত বৈদেশিক মন্ত্রণালয়লৈ পত্র প্রেৰণ কৰা হৈছিল।