ডেৰাডুনৰ পৰা অহা ক্ৰাইছিছ মেনেজমেণ্টৰ বিশেষজ্ঞ গেছ নির্গমন ৰোধত ব্যৰ্থ
ৰঙিলী বাৰ্ত্তাসেৱা- অ’এনজিচিৰ অনুৰোধমর্মে ডেৰাডুনৰ পৰা আহি উপস্থিত হৈছিল বাঘজান ৰীগৰ জুই নিয়ন্ত্ৰণত উপস্থিত থকা প্ৰতিষ্ঠানটোৰ ক্ৰাইছিছ মেনেজমেণ্টৰ অৱসৰপ্ৰাপ্ত সঞ্চালক বেদ প্রকাশ মহাবৰ। অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীৰ উপস্থিতিত ৰাইজক যোৱা সাতটাকৈ দিন আতংকিত কৰি ৰখা গেছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শিৱসাগৰবাসী ৰাইজৰ মাজত কিছু আশাৰ সঞ্চাৰ হৈছিল। কিন্তু শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈল ক্ষেত্ৰৰ অন্তৰ্গত ভটীয়াপাৰ বাৰীচুকৰ আৰ ডি এছ ১৪৭ (এ)এছ কে পি ১৩৫ ভি আইৰ ৰীগত সংঘটিত ঘটনাটোৰ গেছ নির্গমন ৰোধত অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীও ব্যর্থ হৈছে। অৱশ্যে অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত গেছ নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা বর্তমানেও অব্যাহত ৰাখিছে। পুঁজিপতি ঠিকাদাৰৰ তথাকথিত বিশেষজ্ঞ কাৰিকৰী বিষয়াৰ বিস্ফোৰণৰ পাছতে ৰীগ এৰি পলায়ন কৰাত সমস্ত দায়িত্ব অ’এনজিচিয়ে মূৰ পাতি ল’ব লগা হৈছে। ইফালে যোৱা সাতটাকৈ দিন একেলেথাৰিয়ে গেছ নির্গত হৈ থকাত সমগ্ৰ পৰিৱেশটো প্রাকৃতিক গেছ আৰু তাৰ গোন্ধই ৰাইজক জলাকলা খুৱাইছে। মাজে-সময়ে প্রায় দহ-পোন্ধৰ কিলোমিটাৰ দূৰত্বলৈকে বিয়পি পৰা গেছ নিৰ্গতৰ বিকট শব্দই ৰাইজক আতংকিত কৰি তোলাৰ লগতে শব্দ প্ৰদূষণ ঘটাত শাৰীৰিক সমস্যায়ো বহু লোকক দেখা দিছে। বিশেষ সূত্রে জানিব পৰা মতে, নিৰ্গত গেছৰ সৈতে কিছু পৰিমাণে খাৰুৱা তেল নির্গত হোৱাত দাঁতি-কাষৰীয়া গছ-গছনিৰ পাত আদিত খাৰুৱা তেল বিয়পি পৰিছে। এনে পৰিস্থিতিত যিকোনো সময়তে ৰীগটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকাই দেখা দিছে। যোৱা ছয়টাকৈ দিন অগ্নিকাণ্ড ৰোধ কৰাৰ বাবে অ’এনজিচিৰ অগ্নিনির্বাপক বাহিনীয়ে দিখৌ নদীত বৃহৎ বৃহৎ পানী উত্তোলক পাম্প স্থাপন কৰি অবিৰাম গতিত ৰীগটোলৈ পানী নিক্ষেপ কৰি থকাৰ লগতে পুনৰ দুটা বৃহৎ পানী উত্তোলক পাম্প স্থাপন কৰা বুলি জানিব পৰা গৈছে। ইফালে তৈলখাদটোতো সকলো বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ৰাখিছে। তৈলখাদটোৰ গেছ নির্গমন ৰোধত ব্যস্ত বিষয়া-কৰ্মচাৰীসকলেও নিজৰ ম’বাইলৰ লাইটৰ পোহৰত কাম চলাবলগীয়া হৈছে। ইফালে কালি সন্ধিয়াৰ পৰা ঘটনাস্থলীৰ প্ৰায় পাঁচশ মিটাৰ দূৰত্বৰলৈকে সকলো বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে। যাৰ বাবে বহু পৰিয়াল নিশা উৎকট গৰমৰ লগতে আন্ধাৰত কটাবলগীয়া হৈছে।উল্লেখযোগ্য যে দুটা দিনৰ পূৰ্বে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ৰুদ্রসাগৰ তৈল ক্ষেত্রত উপস্থিত হৈ ভটীয়াপাৰ বাৰীচুকৰ অ’এনজিচিৰ ৰীগত বিস্ফোৰণ ঘটি অহৰহ গেছ নিৰ্গমনৰ ঘটনাৰ পৰিস্থিতিৰ বুজ ক্ষতিগ্রস্ত পৰিয়ালক ক্ষতিপূৰণ হিচাপে ২৫ হাজাৰকৈ টকা আদায় দিয়াৰ আশ্বাস দিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া আশ্বাসৰ ৩৬ ঘণ্টা নৌহওঁতে অঞ্চলটোৰ ক্ষতিগ্রস্ত ৩৩২টা পৰিয়ালৰ প্ৰত্যেককে ২৫ হাজাৰকৈ নগদ ধনৰাশি এককালীন সাহায্য হিচাপে আদায় দিয়ে। গৌৰীসাগৰ উন্নয়ন খণ্ড কার্যালয়ত শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া নেকিব শ্বৰিদ বৰুৱা, খণ্ড উন্নয়ন বিষয়া ডেনিছ দত্তৰ উপস্থিতিত উক্ত সাহায্য ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ মাজত বিতৰণ কৰা হয়।