ডুৰাণ্ড কাপত আজিৰে পৰা অভিযান আৰম্ভ কৰিব নর্থ-ইষ্ট ইউনাইটেডে
ৰঙিলী বাৰ্ত্তাসেৱা- চলিত ১৩৪সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলত আজিৰে পৰা অভিযান আৰম্ভ কৰিব ডিফেণ্ডিং চেম্পিয়ন নর্থ-ইষ্ট ইউনাইটেড এফচিয়ে। শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা গ্রুপ ‘ই’ৰ মেচখনত ইণ্ডিয়ান ছুপাৰ লীগৰ গুৱাহাটীৰ দলটোৰ প্ৰতিদ্বন্দ্বী হ’ল মালয়েছিয়াৰ আৰ্মী ফুটবল দল। নিশা সাত বজাৰ পৰা মেচখন আৰম্ভ হ’ব। উল্লেখ্য যে বিগত ডুৰাণ্ড কাপৰ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীডাংগনত হোৱা ফাইনেলত ১৭বাৰ খিতাপ জয়েৰে অভিলেখ গঢ়া মোহন বাগানক টাইব্রেকাৰত ৪-৩ গ’লত পৰাস্ত কৰি নৰ্থ-ইষ্টে প্ৰথমবাৰৰ বাবে চেম্পিয়ন ট্রফী দখল কৰিছিল। প্ৰথমবাৰৰ বাবে ফাইনেল খেলি চেম্পিয়ন হোৱা নৰ্থ-হষ্টৰ এই গৌৰৱময় সফলতাৰ দুই নায়ক মৰক্কোৰ ষ্ট্ৰাইকাৰ আজাৰাহ তথা অসম সন্তান পার্থিb গগৈ এইবাৰো দলত আছে। আজিৰ মেচত জয়েৰে ছিজনৰ প্ৰত্যাশিত আৰম্ভণি বিচাৰিছে নর্থ-ইষ্ট ইউনাইটেডে।