ডুবাই, ছিংগাপুৰত বিনিয়োগ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে,কংগ্ৰেছ নেতা মনোজ চৌহানৰ গুৰুতৰ অভিযোগ
উজনিত ৰাইজৰ চোতালে চোতালে ভূপেন বৰা
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদেশলৈ গৈ অসমৰ বাবে বিনিয়োগকাৰী নিমন্ত্ৰণ কৰিছে যদিও মুখ্যমন্ত্ৰীজনে নিজে কিন্তু বিদেশী ৰাষ্ট্ৰত ধন বিনিয়োগ কৰি ব্যৱসায় কৰি আহিছে। ডুবাই আৰু ছিংগাপুৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বপিং মল আৰু ৰেষ্টুৰেণ্টৰ ব্যৱসায়ত বিনিয়োগ কৰা বুলি আজি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সম্পাদক মনোজ চৌহানে। আজি গুৱাহাটীত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত গুৱাহাটী মনাহনগৰ জিলা কংগ্ৰেছৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰে হোৱা মুখামুখিত কংগ্ৰেছ নেতা চৌহানে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়লা, বালি, শিল, চুপাৰি সকলোতে ছিণ্ডিকেট লগাই ৪০ শতাংশ ধন নিজে সংগ্ৰহ কৰি বিদেশত ব্যৱসায় অব্যাহত ৰাখিছে। কংগ্ৰেছ নেতাজনে কয় যে তেওঁ সঘনাই সেইবাবে ডুবাই আৰু ছিংগাপুৰলৈ গৈ থাকে। উল্লেখ্য যে, ছিংগাপুৰত অসমৰ বাবে বিনিয়োগকাৰী বিচাৰি যোৱা মুখ্যমন্ত্ৰীজনক কটাক্ষ কৰি কংগ্ৰেছ নেতা চৌহানে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে অসমত বিনিয়োগ কৰিব পাৰে যদিও তেওঁ বিদেশতহে ব্যৱসায় চলাইছে। প্ৰসংগক্ৰমে অহা ১৫ মাৰ্চৰ ভিতৰত সমগ্ৰ অসমত কংগ্ৰেছৰ সাংগঠনিক পৰ্যালোচনা চলিব আৰু সংগঠনক অধিক শক্তিশালী কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিব। ইফালে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই চোতালে চোতালে কাৰ্যসূচীত অংশগ্ৰহণ কৰি জনসম্পৰ্ক ৰক্ষা কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ডিগবৈ আৰু লাহোৱাল শ শ মানুহৰ ঘৰে ঘৰে গৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৰাইজৰ লগত বাৰ্তালাপ কৰে আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ ভ্ৰষ্টাচাৰ আৰু অনিয়মৰ পৃষ্ঠাসমূহ উদঙাই দিয়ে। ইফালে, গুৱাহাটীত আজি মহানগৰ জিলা কংগ্ৰেছৰ আটাইকেইটা ব্লক কংগ্ৰেছৰ সভাপতি আৰু তত্বাৱধায়কসকলক লৈ এখন গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত উপ-সভাপতি নৱ তালুকদাৰ, জ্যেষ্ঠ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ কুশল শৰ্মা, সম্পাদক অৰুণ তিৱাৰীকে প্ৰমুখ্যে কৰি নেতা-কৰ্মীসকল উপস্থিত থাকে।