ডুবাইত আজি চেম্পিয়নছ ট্ৰফীৰ খিতাপৰ ফাইনেল মেচ
ৰঙিলী বাৰ্ত্তাসেৱা- সুদীর্ঘ ১২ বছৰৰ পিছত আইচিচি চেম্পিয়নছ ট্ৰফীৰ খিতাপ পুনৰুদ্ধাৰ কৰাৰ বাবে সাজু হৈছে ভাৰত।মাত্ৰ কেইটামান ক্ষণৰ পাছতে আজি বিয়লি ২-৩০ বজাত ডুবাইত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ফাইনেল খেল অনুষ্ঠিত হ’ব।এই মেচখনত টীম ইণ্ডিয়াক ফেভাৰিট আখ্যা দিয়া হৈছে যদিও আত্মবিশ্বাসী নিউজিলেণ্ডে ভাৰতৰ সন্মুখত হেঙাৰ হিচাপে থিয় দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। আইচিচিৰ নক আউট মেচত নিউজিলেণ্ডৰ বিপক্ষে টীম ইণ্ডিয়াৰ ফলাফল বিশেষ সুবিধাজনক নহয়। এতিয়ালৈকে দুয়োটা দলে আইচিচিৰ নক আউট মেচত চাৰিবাৰ মুখামুখি হৈছে আৰু ইয়াৰে তিনিবাৰ – নিউজিলেণ্ডে জয়লাভ কৰাৰ বিপৰীতে ভাৰতে মাত্ৰ এবাৰহে জয়ৰ সোৱাদ লাভ কৰিছে। ২০০০ চনত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত নিউজিলেণ্ডে ভাৰতক পৰাস্ত কৰাৰ উপৰি ২০১৯ চনৰ এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেল আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো টীম ইণ্ডিয়াক পৰাস্ত কৰিছিল নিউজিলেণ্ডে। অৱশ্যে আজি ফাইনেল মেচখনত কিৱি বাহিনীৰ বিপক্ষে এক বিশেষ ৰণনীতিৰে নামিব ৰোহিতবাহিনী। স্পিনাৰেৰে নিউজিলেণ্ডক বশ কৰাৰ পৰিকল্পনা কৰিছে টীম ইণ্ডিয়াই। ফাইনেল মেচখনত চাৰিগৰাকী স্পিনাৰেৰে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে ভাৰতীয় দলটোৱে। কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, অক্ষৰ পেটেল আৰু ৰবীন্দ্র জাদেজাই ভাৰতীয় দলটোৰ মূল একাদশত স্থান লাভ কৰাৰ অধিক সম্ভাৱনা আছে।ইফালে পেচ বলিঙৰ দায়িত্বত থাকিব মহম্মদ ছামি আৰু অৰ্শদীপ সিং।প্রতিযোগিতাখনত অপৰাজেয় হৈ থকা টীম ইণ্ডিয়াই গ্রুপ পৰ্যায়ৰ মেচত নিউজিলেণ্ডক পৰাস্ত কৰিছিল। আজি খিতাপ যুঁজৰ মেচখনত বিজয় সাব্যস্ত কৰি প্ৰতিযোগিতাখনত অপৰাজেয় হৈ অভিযান সামৰাৰ লক্ষ্য লৈছে ভাৰতীয় দলটোৱে। ফাইনেল মেচখনত বৰুণ চক্ৰৱৰ্তী ভাৰতীয় দলটোৰ মূল অস্ত্ৰ হোৱাৰ পূর্ণ সম্ভাৱনা আছে। কাৰণ প্রতিযোগিতাখনৰ দুখন মেচত অংশ লৈ যাদুকৰী স্পিনেৰে বিপক্ষ দলৰ ত্ৰাসৰ কাৰণ হৈ পৰিছিল। উল্লেখ্য যে নিউজিলেণ্ডে ২০০০ চনত চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰাৰ বিপৰীতে টীম ইণ্ডিয়াই ২০০২ চনত শ্রীলংকাৰে যুটীয়াভাৱে চেম্পিয়ন হোৱাৰ লগতে ২০১৩ চনতো প্রতিযোগিতাখনৰ খিতাপ জয় কৰিছিল।