ডুবাইত অসমৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰি গৌৰৱ কঢ়িয়ালে ডিব্ৰুগড়ৰ শিল্পী দলে
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সংযুক্ত আৰৱ আমিৰাত ডুবাইত বিভিন্ন দেশৰ শিল্পী কলাকুশলী- বাদ্যযন্ত্ৰী শিল্পীয়ে একেলগে ভাৰতীয় শাস্ত্রীয় সংগীত, কৰ্ণাটকী সংগীত, অসমৰ বিহু, বৰগীত, দিহানাম, খোলবাদন লগতে লোকসংগীত প্ৰদৰ্শন কৰি সমাদাৰ লাভ কৰে। ” মুদ্ৰা ডেন্ঞ্চ একাডেমী ডুবাই আৰু ডুবাইৰ হাৰমনিকাই আয়োজন কৰা সাংস্কৃতিক আৰু সংগীত অনুষ্ঠানত বিশেষ আমন্ত্ৰণত খোল বাদ্যৰ শিল্পী ভৱানন্দ বৰাই লোক সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰে। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ শিল্পী সকলৰ বাবে আয়োজন কৰা বিবিধ অনুষ্ঠানৰ মাজত পৰিবেশন কৰা ভাৰতীয় বাদ্য শিল্পীৰ অনবদ্য অনুষ্ঠান অংশগ্রহণ কৰে ডিব্ৰুগড় অন্যতম সাংস্কৃতিক অনুষ্ঠান “পুব মিলন নগৰ সত্ৰীয়া একাডেমি”ৰ শিল্পী সকলে। গুৰু ভৱানন্দ বৰাৰ নেতৃত্বত কলিকতাত অনুষ্ঠিত হোৱা এই সংস্কৃতি মহোৎসৱত অংশ গ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰা-দলটিয়ে অলপতে বিদেশত প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ।ভাৰত সংস্কৃতি যাত্ৰাৰ দ্বাৰা ‘ডুবাই চিলড্ৰেন চিটি স্কুল’ত অনুস্থিত হোৱা সংস্কৃতি অনুষ্ঠানত অংশ গ্ৰহণ কৰি অঞ্জুমণি চিৰিং ফুকনৰ নেতৃত্বত যোৱা অসমৰ দলটোয়ে দিহা নামত প্রথমস্থান আৰু গুৰু ভবানন্দ বৰাই সত্ৰীয়া নৃত্যত প্রথম , মনালিছাই বৰুৱাই দ্বিতীয় আৰু খোল বাদনত দেবানুজ কুমাৰ দে দ্বিতীয় আৰু নাগাৰাত প্ৰথম স্থান পাবলৈ সক্ষম হয়। কলিকতা উৰিষ্যা ভূবনেশ্বৰ আৰু অসমৰ সাংস্কৃতিক দলে যোগদান কৰে এই অনুষ্ঠানত। ইয়াৰ আগতেও ভৱান্দ বৰাৰ নেতৃত্বত থাইলেণ্ড, বেংকক -উৰিষ্যা,কলিকতা, মথুৰা, ডেৰাডুন,চিমলাত আদিত অনুষ্ঠান পৰিবেশন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। উদ্যোক্তা সকলে অসমৰ শিল্পী দলটিক ডুবাই খ্যাত ১২৫ মহলা বুৰ্জ খলিফা আবু ধাবি,আৰু ডুবাইত থকা হিন্দুমন্দিৰ দৰ্শন, মৰুভূমিত ভ্ৰমন কৰাৰ লগতে ডুবাই অন্যান্য সাংস্কৃতি-অনুষ্ঠান আদি পৰিদৰ্শন কৰে।