ডি ৱাই এফ আইৰ হেদায়েৎপুৰস্থিত ৰাজ্যিক কার্যালয়ত এখন সংবাদ মেল আয়োজন

ডি ৱাই এফ আইৰ হেদায়েৎপুৰস্থিত ৰাজ্যিক কার্যালয়ত এখন সংবাদ মেল আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা– প্রলয়ংকাৰী বানে আটাইতকৈ বেছি বিধ্বস্ত কৰা বৰপেটা জিলাৰ মেধিকুছিৰ বানাক্ৰান্তক চৰম প্ৰতাৰণা কৰিছে অসম চৰকাৰে বানে বিধ্বস্ত কৰাৰ ৯ মাহ পাছতো নাপালে সাহায্যৰ ধন। আনকি ক্ষয়-ক্ষতি সম্পৰ্কত সঠিক অনুসন্ধানেই নকৰিলে প্ৰশাসনে। যাৰ বাবে সৰ্বস্বান্ত মেধিকুছিৰ বানাক্ৰান্ত চৰম দৰিদ্ৰতাৰ মাজত পৰি ব্যক্তিগত বেংক আৰু স্থানীয় গোটৰ পৰা সুতত টকা লৈ পৰিয়াল চলাবলগীয়া হৈছে। মেধিকুছিবাসীৰ এই ভয়াবহ অৱস্থাৰ কথা স্বচক্ষে প্রত্যক্ষ কৰিলে ভাৰতৰ গণতান্ত্রিক যুব ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ প্ৰতিনিধি দলে। যোৱা ১৮ ফেব্ৰুৱাৰী তাৰিখে ডি ৱাই এফ আইৰ ৰাজ্যিক কমিটিৰ এক ৬ জনীয়া প্রতিনিধি দলে বৰপেটা জিলাৰ বজালি মহকুমাৰ মেধিকুছি আৰু সৰুক্ষেত্ৰী সমষ্টিৰ ভৱানীপুৰ উন্নয়ন খণ্ডৰ বৰলা গাঁও পৰিদৰ্শন কৰে। উল্লেখনীয় যে মেধিকুছি অঞ্চল হৈছে আটাইতকৈ ক্ষতিগ্রস্ত অঞ্চল। গাঁও খনৰ ২৬ টা পৰিয়ালৰ বিস্তৰ ক্ষতি হৈছে। ঘৰ- মাটি, পোহনীয়া জীৱ-জন্তু, সা-সম্পত্তিৰ বানে বিস্তৰ ক্ষতি কৰিছে। ঘৰ সন্মুখত অথবা পদুলি মুখত বৃহৎ বৃহৎ পুখুৰী সৃষ্টি হৈছে। কিন্তু আচৰিত কথাটো হৈছে চৰকাৰে মাত্ৰ ৯ টা পৰিয়ালক ১ লাখকৈ টকা দি দায়িত্ব সামৰিছে আৰু বাকী পৰিয়ালসমূহক চৰম প্ৰতাৰণা কৰিছে। অথচ বানৰ তাণ্ডৱ চলি থকাৰ মাজতে এই পৰিয়ালসমূহক তেতিয়াৰ বজালি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ মাতি নি এক লাখকৈ টকা দিয়া হ’ব বুলি কৈ ‘ডেম’ চেক বানাক্ৰান্তৰ হাত দি মন্ত্ৰী বিষয়াই ফটো উঠিছিল। এই অনুষ্ঠানৰ এদিন পাছতে উক্ত ব্যক্তিসকলৰ বেংক একাউন্টত এটকাকৈ জমা পৰিছিল। সেই টকাৰ বাদে আজি ৯ মাহ পাছতো কোনো সাহায্য নাপালে। ডি ৱাই এফ আইৰ প্ৰতিনিধি দলৰ আগত সৰ্বস্বান্ত কৃষক ঘনশ্যাম পাটগিৰিয়ে ক্ষোভেৰে প্ৰকাশ কৰে যে তেওঁ ঘৰৰ এটা ৰূম সম্পূর্ণ উটি গৈছে। বাকী ৰূম কেইটাৰ মাজিয়া তললৈ বহি গৈ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। তেওঁৰ ভঁৰালৰ প্ৰায় ৭০ মোন ধান নষ্ট হৈছে। ৮ টা ছাগলী বানত উটি গৈছে। ৬ বিঘা খেতি মাটিৰ ৫ বিঘাই বালিয়ে পুতি পেলাইছে। পাণ-তামোল আৰু নাৰিকল গছসমূহৰ বিস্তৰ ক্ষতি হৈছে। পাণ-তামোলৰ বাগানৰ এবিঘা মাটিত বানে বৃহৎ পুখুৰী সৃষ্টি কৰাৰ লগতে বালিময় কৰি পেলাইছে। তেওঁ অভিযোগ কৰা মতে সাহায্যৰ নামত সেই সময়ত মাত্র ৩৮ শ টকা পাইছে। তেওঁৰ খেতিৰ টকাৰে বন্ধা ঘৰটো ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে যদিও মাটিত বাগৰি পৰা নাই বাবে সাহায্য নাপায়। দুই সন্তান আৰু পত্নীৰে সৈতে বাস কৰা ঘনশ্যাম পাটগিৰিয়ে এতিয়া পৰিয়াল চলাই নিবলৈ ভীষণ সমস্যাৰ সন্মুখীন হৈছে। আন এজন ৩২ বছৰীয় যুৱক অনুপ কলিতা। ৭০ বছৰীয়া পিতৃ, ৫৫ বছৰীয়া আৰু এজন ককায়েকৰ সৈতে চাৰ্জিনীয়া পৰিয়াল। বানে গোহালি ঘৰ, থকা ঘৰকে ধৰি তিনিটা ঘৰ উটুৱাই নিয়াৰ লগতে গোটেই ঘৰৰ কাষতে বৃহৎ পুখুৰী সৃষ্টি কৰি গৈছে। তেওঁলোকৰ প্ৰায় ১৫০-২০০ মোন ধান নষ্ট হৈ গৈছে। ২০ মোন-সৰিয়হ নষ্ট হৈছে। পাণ-তামোলৰ বাৰীৰ বিস্তৰ ক্ষতি | কৰিছে। ২০ বিঘা খেতিৰ মাটিত বালিয়ে ক্ষতি কৰিছে। এই পৰিয়ালটোৱেও সাহায্যৰ নামত মাত্ৰ এটকা পাইছে। এসময়ৰ অৱস্থাসম্পন্ন এই পৰিয়ালটো আজি এদিনৰ এসাঁজ ভাতৰ বাবে চিন্তা কৰিবলগীয়া হৈছে। অনুপ কলিতাৰ দেউতাকে জনোৱা মতে তেওঁলোক এতিয়া পৰিয়াল চলাবলৈ আৰু খেতি কৰিবলৈ মাহে ৩% সুতত টকা ঋণ লৈছে। সুত্ৰৰ টকাৰে বালিময় পথাৰত খেতি কৰিছে যদিও ফচল ভাল নহ’ল । এতিয়া সেই ঋণ মাৰিবলৈ উপায়হীন পৰিয়ালটোয়ে মাটি বন্ধকত থোৱা চিন্তা কৰিছে। ৫০ বছৰীয়া তৰে কলিতা। একমাত্র সন্তান আৰু পত্নীৰে সৈতে তিনিজনীয়া পৰিয়াল। তেওঁ এতিয়া সৰু ভায়েকৰ ঘৰত আশ্ৰয় লৈছে। বানে বিচনা-পত্ৰ কাপোৰ-কানি, ঘৰ-ভেটি সকলো উটুৱাই নিছে। য’ত ঘৰ আছিল তাত এতিয়া প্ৰকাণ্ড পুখুৰী। ৬০ মোন ধান সম্পূর্ণ নষ্ট হৈছে। এজনী গাই উটুৱাই নিছে। দুবিঘা খেতি মাটি বালিয়ে পুতি পেলাইছে। কিন্তু সাহায্যৰ নামত একোৱেই নাপালে। আনকি বানাক্রান্ত ছাত্ৰ-ছাত্ৰীলৈ দিয়া তৎকালিন এক হাজাৰ টকাও তেওঁৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত পুত্ৰই নাপালে। তবেন কলিতাই এতিয়া তেওঁৰ ভেটিত ঘৰ বনাবলৈ হ’লে মাটি পেলোৱাৰ নামতেই লাখ টকা খৰচ কৰিব লাগিব। সেয়া সম্ভব নহয় বাবে নিজৰ পুৰণা ভেটি এৰি অন্য ঠাইলৈ যোৱা চিন্তা কৰিছে। আন এজন খেতিয়ক হিতেশ কলিতাই জনোৱা অনুসৰি তেওঁৰ ১৫০-২০০ মোন ধানৰ লগতে ১৫০ ফুট এখন কুকুৰা ফার্ম উটি গৈছে। অকল কুকুৰা ফাৰ্মখনতেই ক্ষতি হৈছে প্ৰায় ৭ লাখ টকা। তেওঁ ক্ষোভেৰে জনায় যে স্থানীয় বিধায়ক ফণী তালুকদাৰক সকলো কথা জনায় যদিও আজিলৈ একো সহাৰি নাপালে। মণ্ডলে ক্ষয়-ক্ষতিৰ হিচাপ ল’বলৈ আহতে তেওঁৰ ক্ষতিৰ বিষয়টো জনায় যদিও কুকুৰা ফাৰ্মৰ ক্ষতিৰ বিষয়টো নিয়ম অনুসৰি তালিকাভুক্ত কৰিব পৰা নাযায় বুলি মণ্ডলে জানিবলৈ দিয়ে। আন এজন ৩৮ বছৰীয়া যুৱক সীমান্ত তালুকদাৰ। এখন হাৰ্ডৱেৰ দোকানত সহায়ক হিচাপে কাম কৰে। ৰুগীয়া পিতৃ-মাতৃ আৰু পত্নীৰে সৈতে বাস কৰা সীমান্ত তালুকদাৰৰ ঘৰৰ বেৰ উটি গৈছে। মজিয়া তললৈ বহিব গৈছে আৰু ঘৰটো এঢলীয়া হৈ থিয় হৈ আছে। আচৰিত কথা হৈ প্রশাসনে এই পৰিয়ালটোক সাহায্যৰ বাবে বাচনি নকৰিলে। কাৰণ তেওঁলোকৰ ঘৰটো সম্পূৰ্ণ পৰি যোৱা নাই। প্ৰতিটো পৰিয়ালৰে এনে কৰুণ কহিনীৰে ভৰপুৰ। পাতে পাতে উন্মোচিত হৈছে চৰকাৰী বঞ্চনা আৰু প্ৰতাৰণাৰ নিদৰ্শন। এই ক্ষেত্ৰত মেনুৱেল অনুসৰি সাহায্য দিম বুলি দম্ভালি মৰা মুখ্যমন্ত্ৰী নিমাত। বানাক্ৰান্তৰ লগত ফটো উঠি কেৱল চমক সৃষ্টিৰে ৰাজনৈতিক মাইলেজ লোৱাতহে সিদ্ধহস্ত আজি বিজেপি চৰকাৰ আৰু মখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা। ডি ৱাই এফ আইৰ ৬ জনীয়া দলটোৱে সেইদিনাই সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ভবানীপুৰ উন্নয়ন খণ্ডৰ অধীনৰ বৰলা গাঁৱলৈ গৈছিল। মীন পালন কৰি জীৱিক নিৰ্বাহ কৰা এই গাওঁখনৰো বিস্তৰ ক্ষতি হৈছে। মীন উৎসাদনত বিশেষ সফলতা লাভ কৰা দুই যুৱ মীন পালক পংকজ ৰয় আৰু মনোৰঞ্জন ৰয়ে তেওঁলোকৰ দুৰ্দশাৰ কথা জানিবলৈ দিয়ে। যুৱক পংকজ ৰয়ৰ ১৫ লাখ টকাৰ অধিক ক্ষতি হৈছে। নিজৰ আৰু ভাৰাত লোৱাকে ধৰি মুঠ ১৬ বিঘাৰ পুখুৰী বানে উটুৱাই নিছে। একেদৰে মনোৰঞ্জন ৰয়ৰ ১০ লাখ টকাৰ অধিক ক্ষতি হৈছে। আর্থিক সংকটৰ জোৰা মাৰিবলৈ দুয়ো মীন পালকে স্থানীয় গোটৰ পৰা ৩% হাৰত ঋণ লৈছে। হাস্যকৰ কথা হৈছে এই দুই মীন পালকে এতিয়া ক্ষতিপূৰণৰ বাবদ ক্ৰমে ২৫ শ টকা আৰু ৬ হাজাৰ টকা পাব বুলি শুনিছে। সমগ্র মীন পালক সকলোৰ একেই দুর্দশা। ডি ৱাই এফ আইয়ে দাবী কৰিছে এয়া কেৱল মেধিকুছি বা বলা গাঁৱৰে উদাহৰণ নহয়। এয়া সমগ্ৰ ৰাজ্যখনতে সাহায্য নামত চলি থকা ভেঁকোভাওনাৰ নমুনা। অসহায় বন্যক্রান্তকলৈ কেৱল ৰাজনৈতিক মাইলেজ লৈছে চৰকাৰে। ডি বাই এফ আইয়ে দাবী কৰিছে চৰকাৰে নেধিকুছি-বৰলা গাওঁকে ধৰি সমগ্ৰ বানাক্ৰান্তক ক্ষতিপূৰ্ণ আদায় দিয়াৰ ব্যৱস্থা কৰক। মেনুৱেল অনুসৰি সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে পূৰণ কৰক মেধিকুছিৰ ভগ্ন মথাউৰি শীঘ্ৰে মেৰামতি কৰক আৰু সেই অঞ্চলৰ ৰাইজক নিৰাপত্তা দিয়াৰ নিশ্চয়তা প্ৰদান কৰক ৷ নামনি অসমৰ বান সমস্যাটো ভুটানৰ লগত জড়িত। সেয়ে দুই চৰকাৰৰ মাজত আলোচনা কৰি এক স্থায়ী সমাধান উলিওৱাৰ বাবে অসম চৰকাৰে উদ্যোগ লওক । ডি ৱাই এফ আইৰ প্ৰতিনিধি দলত সেই দিনা ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস, সভাপতি ৰুস্তম আলী, যুটীয়া সম্পাদক কুলজিত কলিতা, উপসভাপতি আব্দুল বাছেদ, ৰাজ্যিক সদস্য চণ্ডি বৈশ্য আৰু বৰপেটা জিলাৰ উপ সভাপতি মৃগেন চৌধুৰী উপস্থিত থাকে।