ডি জি পি ৰ টুইটৰ পাছতে মৈৰাবাৰী আৰক্ষী একশ্যন মোড আৰম্ভ

ডি জি পি ৰ টুইটৰ পাছতে মৈৰাবাৰী আৰক্ষী একশ্যন মোড আৰম্ভ

মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা কালি মৈৰাবাৰী পুলিচ পইন্ট ত মৈৰাবাৰী আৰক্ষীয়ে নাকা তলাচিত হেলমেত পৰিধান নকৰা বাইক আৰোহী সকলৰ জব্দ কৰা বাইক সমূহ থানালৈ লৈ যোৱা অৱস্থাত আৰক্ষী যোৱানক একাংশ লোকে হেলমেত কিয় পৰিধান কৰা নাই বুলি দৌৰাই দৌৰাই বাইক ৰক্ষাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে কৰ্মৰত আৰক্ষী যোৱানক বাইক ৰক্ষাই জবাৱ দিহী কৰাৰ লগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল।উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা ৭ জনকৈ লোকক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকসকল ক্ৰমে হল ৰিব্বুল হুছেইন,জাকাৰিয়া,বাহাৰুল ইছলামৰ, দিলদাৰ হুছেইন,দিলদাৰ ,খাইৰুল ইছলাম,ৰাতুল আহমেদ । মৈৰাবাৰিত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ৰ লগতে কেইবাজনো বিষয়া উপস্থিত হৈ ঘটনাত জঢ়িত লোক সকলৰ সন্ধানত মৰাথান অভিযান অব্যাহত ৰাখিছে।