ডি এইচ এছ কানৈ মহাবিদ্যালয়ত অসম সাহিত্য সভাৰ অধীনৰ শতদল শাখা মুকলি

ডি এইচ এছ কানৈ মহাবিদ্যালয়ত অসম সাহিত্য সভাৰ অধীনৰ শতদল শাখা মুকলি
এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সুজমল কানৈ মহাবিদ্যালয়ত  ১১ এপ্ৰিলত অসম সাহিত্য সভাৰ অধীনৰ শতদল শাখা মুকলি কৰা হয়। অনুষ্ঠানটিত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰি কয় যে— মহাবিদ্যালয়খনৰ ৮০ বছৰীয়া ইতিহাসত এই দিনটো সোণালী আখৰেৰে লিখা থাকিব। তেওঁ লগতে কয়—ভৱিষ্যত প্রজন্মই অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ জৰিয়তে জগত সভাত স্থান লাভ কৰি অসমীয়া সাহিত্যক বিশ্ববন্দিত কৰি তোলাৰ আশা পোষণ কৰে। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° মন্‌মী বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি বদন গগৈ আৰু সম্পাদক ভাগ্যেশ্বৰ গগৈ পৰ্যবেক্ষক ৰূপে উপস্থিত থাকি মহাবিদ্যালয়ৰ শাখা মুকলি কৰাত দিহা-পৰামৰ্শ আগবঢ়াৰই কয় যে মাতৃভাষা শুদ্ধকৈ কথন আৰু প্ৰচাৰৰ যোগেদিহে অসমীয়া ভাষা আৰু অসমীয়া জাতিটো জীয়াই থাকিব। পর্যবেক্ষকদ্বয়ৰ উপস্থিতিত গঠন হোৱা শাখাটিত ক্রমে সভাপতি ড° তৃষ্ণা দুৱৰা কলিতা, উপ-সভাপতি শিখামণি কোঁচ দেউৰী, সম্পাদক ড° নিতুমণি শ‍ইকীয়া, সহকাৰী সম্পাদক ড° মৌচুমী হাজৰিকা, কোষাধ্যক্ষ ড° হানিফা ৰহমান, পত্রিকা সম্পাদক ড° মন্‌মী বৰুৱা, প্ৰকাশন সচিব অসীম শ‍ইকীয়া আৰু সাংস্কৃতিক সম্পাদক বিনী শ‍ইকীয়াৰ লগতে ১৫ জনীয়া সদস্যৰে এখন পূৰ্ণাংগ কার্যনির্বাহক সমিতি গঠন কৰা হয়। অনুষ্ঠানটিত উপস্থিত থাকি ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল গোহাঁয়ে কানৈ মহাবিদ্যালয়ৰ নৱগঠিত শাখাটিক অভিনন্দন জ্ঞাপন কৰি শাখাটোৰ উত্তৰোত্তৰ কামনা কৰে। উল্লেখ্য যে ১৯২৬ চনত অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনত সভাপতি পদ অলংকৃত কৰা বেনুধৰ ৰাজখোৱা, ১৯৫৫ চনত গুৱাহাটী অধিৱেশনত সভাপতি পদ অলংকৃত কৰা যতীন্দ্ৰ নাথ দুৱৰা কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল । অসমীয়া ভাষা সাহিত্যৰ চৰ্চাত এই দুজন পুৰোধা ব্যক্তিয়ে যিদৰে অমূল্য অৱদান আগবঢ়াই গৈছে সেইদৰে কানৈ মহাবিদ্যালয়ৰ নৱগঠিত শতদল শাখাটিয়ে ভৱিষ্যতে অসমীয়া সাহিত্য-সংস্কৃতিৰ উত্তৰণত আশাব্যঞ্জক সফলতা দেখুৱাব বুলি  এই সভাত নৰ্বনিৰ্বাচিত সভাপতি আৰু সম্পাদকে আশা ব্যক্ত কৰে। মনকৰিবলগীয়া যে কানৈ মহাবিদ্যালয়ৰ মুকলি হোৱা শাখাটিত ১০০ জন সদস্যই আজীৱন সদস্য পদ গ্রহণ কৰাৰ বাবে শতদল শাখা ৰূপেস্বীকৃতি লাভ কৰে। অনুষ্ঠানটিত মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা, কৰ্মচাৰীৰ লগতে শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে।