ডি এইচ এছ কানৈ মহাবিদ্যালয়ক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ ‘চেণ্টাৰ অৱ এক্সেলেঞ্চ’ প্রদান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকাৰ নিউৱৰ্কস্থিত পৃথিৱীৰ সকলো দেশৰে শক্তিশালী সংগঠন ৰাষ্ট্ৰসংঘৰ অধীনৰ উত্তৰ-পূব সম্পদ কেন্দ্রই ডি.এইচ. এছ কানৈ মহাবিদ্যালয়ক ‘চেণ্টাৰ অৱ এক্সেলেঞ্চ’ প্রদান কৰে। ৰাষ্ট্ৰসংঘৰদ্বাৰা স্বীকৃত তথা অনুমোদিত ভাৰতবৰ্ষৰ একমাত্ৰ কেন্দ্ৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰৰ দ্বাৰা এনে সন্মান লাভ কৰাত কানৈ মহাবিদ্যালয়ৰ পৰিয়াল উৎফুল্লিত হৈছে। উল্লেখ্যযোগ্য যে, কানৈ মহাবিদ্যালয়ে ইতিমধ্যে চৰকাৰী আৰু বেচৰকাৰী অনেক সংগঠনৰ দ্বাৰা অসমৰ স্বচ্ছ মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰাই নহয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা যুৱ মহোৎসৱত তিনিবাৰকৈ শ্রেষ্ঠ শৃংখলাবদ্ধ সন্মান কঢ়িয়াই আনিছে। চলিত বর্ষত অনুষ্ঠিত হোৱা যুৱ মহোৎসৱত মহাবিদ্যালয়খনে শ্রেষ্ঠ পৰিস্কাৰ মহাবিদ্যালয়ৰ সন্মানো কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনে ছাত্র একতা সভাৰ নিৰ্বাচন অনলাইন মাধ্যমেৰে সম্পন্ন কৰি অহাৰ লগতে শ্ৰেণীৰ পাঠদানত অনলাইন পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি গ্রহণ কৰি আহিছে। ইতিমধ্যে মহাবিদ্যালয়খন ‘গ্রীণ অডিটেড কলেজ’ হিচাপে সমগ্র বিশ্বতে পৰিচিত হৈ পৰিছে। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে দেশৰ ভিতৰে বাহিৰে অনেক সন্মান, বঁটা কঢ়িয়াই অনাই নহয়, মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্র বিদ্যুৎ বিকাশ গগৈয়ে চন্দ্রায়ন-৩ ৰ স’তে জড়িত হৈ সমগ্র বিশ্বত চর্চিত হৈছে। মহাবিদ্যালয়খনৰ প্রাক্তন ছাত্র সর্বানন্দ সোণোৱালে অসমৰ মুখ্যমন্ত্ৰীৰ পদতো অধিষ্ঠিত হৈছিল। মহাবিদ্যালয়ৰ এনে গুণ-গৰিমা সমগ্র বিশ্বতে পৰিচিত হৈ পৰাই নহয়, মহাবিদ্যালয়খনৰ গ্ৰীণ ক্লাবে ৰ’দ, বৰষুণ নেওচি কোনো দেওবাৰ, বন্ধৰ দিন নোলোৱাকৈ ৩৬০৯ দিন মহাবিদ্যালয়খনৰ চৌহদ পৰিষ্কাৰ কৰি সমগ্ৰ বিশ্বৰ চুকে-কোণে পৰিচিত হৈ পৰিছে। মহাবিদ্যালয়খনৰ ই কোষৰ শিক্ষার্থীয়ে মুম্বাই আই আই টিয়ে অনুষ্ঠিত কৰা এক প্রতিযোগিতাত দেশৰ ভিতৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা, ক্রীড়া, সাহিত্য, পৰিৱেশ, উদ্যোগ স্থাপনকে ধৰি সমাজৰ সকলো দিশত অনন্য তথা ব্যতিক্রমী পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনৰ অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰি থকা ৩২ খনৰো অধিক গ্ৰন্থৰ স্ৰষ্টা, বিশিষ্ট লেখক, সাহিত্যিক ড° শশীকান্ত শইকীয়াক বিভিন্ন সংগঠনে কর্মসূর্য, অসম গৌৰৱ, সেউজ ৰত্ন, দীনবন্ধু, ডিবৰু হিতৈষীকে ধৰি ১৭ টাৰো অধিক বঁটা, সন্মান প্রদান কৰাই নহয় ১০০ টাৰো অধিক বিভিন্ন সামাজিক, সাংস্কৃতিক, ক্রীড়া সংগঠনে ৰাজহুৱাভাৱে সম্বর্ধনা জনাই কৰ্মৰ স্বীকৃতি প্রদান কৰিছে। উল্লেখ্য যে, মহাবিদ্যালয়খনে ৰাষ্ট্ৰসংঘই গ্রহণ কৰা ১৭ টা বহনক্ষম লক্ষ্য পূৰণ কৰাত সদায় প্রচেষ্টা চলাই আহিছে। এনে দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘৰ ভাৰতবৰ্ষত থকা একমাত্র সম্পদ কেন্দ্ৰৰ উদ্যোগত মহাবিদ্যালয়খনক ‘চেণ্টাৰ অৱ এক্সেলেঞ্চ’ প্রদান কৰা বুলি সদৰী কৰিছে সম্পদ কেন্দ্ৰটোৰ কাৰ্যবাহী সঞ্চালক ড° অশ্বিনী শর্মাই। যোৱা ৬ এপ্ৰিলত মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এক গাম্ভীর্যপূর্ণ সভাত “চেণ্টাৰ অৱ এক্সেলেঞ্চ” সন্মান প্রদান কৰি ড° শৰ্মাই কয়- কানৈ মহাবিদ্যালয়ে ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীসমূহ নিষ্ঠাসহকাৰে পালন কৰি আহিছে। সমাজত শক্তিশালীভাৱে সজাগতা সৃষ্টি কৰি ৰাষ্ট্ৰসংঘৰ লক্ষ্য পূৰণত সহযোগিতা আগবঢ়াই আহিছে। মহাবিদ্যালয়খনে শিক্ষা, প্রযুক্তিৰ ব্যৱহাৰ, পৰ্যটন, নিয়োগ, স্বচ্ছতা, শৃংখলাবদ্ধতা, পৰিৱেশ সজাগতা ইত্যাদিৰ দিশত যি ব্যতিক্রমী কাম-কাজ কৰি আহিছে তাৰ বাবে ৰাষ্ট্ৰসংঘৰ সম্পদ কেন্দ্র কৃতজ্ঞ বুলিও তেওঁ কয়। ৰাষ্ট্ৰসংঘই প্রদান কৰা বিভিন্ন সা-সুবিধাসমূহ মহাবিদ্যালয়খনৰ সকলো অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে আজিৰে পৰা লাভ কৰিব বুলিও তেওঁ কয়। মুখ্যদ্বাৰৰ পৰা গায়ন-বায়ন আৰু এন চি চি কেডেটে অতিথিসকলক উষ্ম আদৰণি জনাই অনা সভাখনিত আদৰণি ভাষণ প্রদান কৰে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই। অধ্যাপিকা ড° চয়ণিকা গোস্বামীৰ মঙ্গলাচৰণেৰে শুভাৰম্ভ হোৱা সভাখনিত বিশিষ্ট বিজ্ঞানী ড° প্রদীপ কুমাৰ গোস্বামীয়ে ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য সম্পর্কীয় কাৰ্যসূচীত নিউৱৰ্কৰ মুখ্য কাৰ্যালয়ত উপস্থিত থকাৰ অনুভৱ ব্যক্ত কৰে। অনুষ্ঠানটিত ৰাষ্ট্ৰসংঘৰ অধীনৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰৰ সমন্বয়ক চাকিল আহমেদ খান, ৰাষ্ট্ৰসংঘৰ আজীৱন সদস্য যশপাল সিং, ডিব্রুগড় পলিটেকনিকৰ অধ্যক্ষ ড০ প্রনৱ জ্যোতি লহকৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফেকাল্টি ডীন অব এডুকেশ্যন ড০ নীতা কলিতা বৰুৱাকে ধৰি মহাবিদ্যালয়খনৰ ভালেসংখ্যক অধ্যাপক- অধ্যাপিকা, কৰ্মচাৰী আৰু শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে। শেষত শলাগ জ্ঞাপন কৰে অধ্যাপক অম্বৰিষ ভূঞাই।