ডিৱাইএফআইৰ ৰাজ্যজোৰা প্ৰতিবাদত বাধা আৰক্ষীৰ 

Pc ETV Bharat

ডিৱাইএফআইৰ ৰাজ্যজোৰা প্ৰতিবাদত বাধা আৰক্ষীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ ৩০ লক্ষাধিক নিবনুৱাৰ সংস্থাপন , নিযুক্তি প্ৰক্ৰিয়াত আৰম্ভ হোৱা দুৰ্নীতিৰ তদন্ত বিচাৰি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ অসম ৰাজ্যিক কমিটীয়ে আহ্বান দিয়া প্রতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে তীব্র বাধা দিয়ে৷ চৰম অগণতান্ত্ৰিক আচৰণেৰে গুৱাহাটীত ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসক আটক কৰাৰ লগতে বৰপেটাত ৰাজ্যিক সভাপতি ৰুস্তম আলীক গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ উপৰি বৰপেটাত ৰাজ্যিক উপ সভাপতি তথা জিলা সভাপতি কার্তিক বড়ো , ৰাজ্যিক সদস্য জনক দাস , সদস্য সঞ্জীৱ দাস সহ শতাধিক প্রতিবাদকাৰীক আটক কৰে ৷ একেদৰে নলবাৰী জিলাত ৰাজ্যিক যুটীয় সম্পাদক তথা জিলা সম্পাদক কুলজিৎ কলিতা আৰু টিহু আঞ্চলিক কমিটীৰ সম্পাদক দীনেশ ঠাকুৰীয়াসহ শতাধিক প্রতিবাদকাৰীক আৰক্ষীয়ে আটক কৰি আবদ্ধ কৰি ৰাখে ৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আৰক্ষী বাহিনীৰ এই স্বৈৰাচাৰী , অগণতান্ত্রিক আচৰণক ডিৱাইএফআইয়ে ধিক্কাৰ জনাইছে আৰু এয়া দুৰ্নীতিৰ সৈতে সহৱস্থান কৰা চৰকাৰৰ নগ্ন ৰূপ বুলি অভিহিত কৰিছে ৷ চৰকাৰৰ নিৰ্দেশত আৰক্ষীয়ে অপৰাধীৰ পক্ষলৈ কাম কৰা বুলিও ডিৱাইএফআইয়ে অভিযোগ কৰিছে৷ উল্লেখনীয় যে ডিৱাইএফআইয়ে ৩০ লক্ষাধিক নিবনুৱাৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰাৰ সময়তে নিযুক্তি প্ৰক্ৰিয়াৰ নামত বিয়োগম দুর্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ আনকি খোদ বিজেপি দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ বিৰুদ্ধেও নিযুক্তিৰ নামত ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ সভাপতি কলিতাই চাকৰিৰ বিনিময়ত ধন দাবী কৰা বুলি এগৰাকী যুৱতীয়ে অভিযোগ কৰিছে ৷ সভাপতি কলিতাই পূৰ্বে জলসিঞ্চন মন্ত্ৰী হৈ থকা সময়ত নিযুক্ত হোৱা ৬৪৩ টা পদৰ নিযুক্তিত গুৰুতৰ অনিয়ম হোৱা বুলি অভিযোগ উঠিছে ৷ লক্ষিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ নিযুক্তিৰ লিখিত পৰীক্ষাত গুৰুতৰ অনিয়মৰ অভিযোগ এজন বঞ্চিত প্ৰাৰ্থীয়ে সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে ৷ ইয়াৰ উপৰি ৰাজ্যৰ ২৬ হাজাৰ খালী পদত আৰম্ভ হোৱা নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক ধনৰ লেনদেন হোৱা বুলি অভিযোগ উঠিছে ৷ ভিক্টৰ দাস নামৰ যুৱক জনে এই অভিযোগ কৰাৰ পাছতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বহু যুৱক – যুৱতীয়ে মুকলি অভিযোগ কৰিছে , কিন্তু আচৰিত কথা হৈছে অসম চৰকাৰে এই অভিযোগৰ সঠিক তদন্ত কৰাৰ সলনি অভিযোগকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ হতুৱাই কঠোৰ ব্যৱস্থা লোৱা দেখা গৈছে ৷ নিকা আৰু স্বচ্চ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়া এইখন চৰকাৰৰ দিনত এয়া প্ৰসহনত পৰিনত হৈছে ৷ চৰকাৰে দুৰ্নীতিৰ অভিযোগৰ সঠিক তদন্ত কৰিবলৈ প্ৰকাৰান্তৰে অস্বীকাৰ কৰি নিবনুৱাৰ আবেগ – অনুভূতিকলৈ হেতালি খেলা আৰম্ভ কৰিছে আৰু নিযুক্তিৰ নামত মুকলি বজাৰ হ’বলৈ এৰি দিছে ৷ চৰকাৰ তথা শাসক দলৰ অদৃশ্য আশীর্বাদ নহ’লে এনে দুর্নীতি কৰাটো এজন সাধাৰণ মানুহৰ বাবে সম্ভৱ নহয়৷ ডিৱাইএফআই দাবী কৰিছে এই সমগ্ৰ অনিয়মৰ প্ৰক্ৰিয়াত চৰকাৰ আৰু শাসক দলৰ হাত আছে ৷ নিবনুৱা সমস্যা , নিযুক্তি প্ৰক্ৰিয়াৰ দুৰ্নীতিৰ লগতে ডিৱাইএফআইয়ে বান – গৰাখনীয়া সমস্যাৰ স্থায়ী সমাধান , চৰকাৰী বিদ্যালয় বন্ধৰ সিদ্ধান্ত বাতিল , ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা , ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক – কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰা , টিউটৰসকলক শিক্ষকৰ মর্যাদা দিয়া , ছয় জনগোষ্ঠীৰ জনজাতিকৰণ , ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো খালী পদ পূৰণ কৰা , চাকৰিত আবেদনৰ বাবে লোৱা সকলো আবেদন মাচুল উঠাই দিয়া , চৰকাৰী বেচৰকাৰী খণ্ডত কাম কৰা ঠিকাভিত্তিক কৰ্মচাৰীৰ মাহিলি দৰমহা ন্যূনতম ২১ হাজাৰ টকা কৰাৰ দাবী ডিৱাইএফআইয়ে উত্থাপন কৰিছে | সমগ্ৰ ৰাজ্যতে কেন্দ্ৰীয় চৰকাৰৰ খালী পদকে ধৰি লাখ লাখ পদ খালী হৈ পৰি আছে ৷ অকল উত্তৰ – পূব সীমান্ত ৰে’ল বিভাগতে ৭০ সহস্রাধিক পদ খালী হৈ আছে৷ আজি আন্দোলন সমগ্ৰ দেশৰ লগতে অসমৰ কেইবাখনো জিলাত ৰূপায়িত হৈছে ৷ গোৱালপাৰা , বঙাইগাঁও , বৰপেটা , নলবাৰী , কামৰূপ , তামুলপুৰ, কামৰূপ ( ম ) , বিশ্বনাথ , নগাঁও , কাচাৰ আদি জিলাত আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷