ডিমা হাছাওৰ ৩০০০ বিঘা মাটি ৩০ বছৰলৈ লীজত দিয়াত অসম প্ৰদেশ কংগ্ৰেছৰ বিৰোধিতা

ডিমা হাছাওৰ ৩০০০ বিঘা মাটি ৩০ বছৰলৈ লীজত দিয়াত অসম প্ৰদেশ কংগ্ৰেছৰ বিৰোধিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিমা হাছাওৰ ৩০০০ বিঘা মাটি প্ৰতি বিঘাত বছৰি ২৫০ টকাকৈ মাচুল লৈ ৩০ বছৰলৈ লীজত দিয়া বিষয়টো অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ বিৰোধিতা কৰিছে৷ ২৫০ টকা ৰাজহৰ বিনিময়ত ৩টা কোম্পানীক হাজাৰ হাজাৰ বিঘা মাটি চৰকাৰে চিমেণ্ট ফেক্টৰীৰ নামত আৱণ্টন দিয়াৰ উদ্দেশ্য হ’ল ইয়াত খনিজাত সামগ্ৰীৰ লুণ্ঠনৰ অনুজ্ঞাপত্ৰ দিয়া। মহাবল চিমেণ্ট নামৰ কোম্পানীটোৱে ২ লাখকৈ টকা প্ৰিমিয়াম হিচাপে প্ৰতিবিঘাত আদায় দিয়াৰ কথাও এক অসম বিৰোধী সিদ্ধান্ত। এই সিদ্ধান্তক তাৎক্ষণিকভাৱে বাতিল কৰিবৰ বাবে দাবী জনাইছে। ন্যায়ালয়ৰ হস্তক্ষেপক আদৰণি জনাইছে অসমৰ ৰাইজক বিশেষকৈ সংবিধানৰ ষষ্ঠ অনুসূচীৰ ভূমিৰ অধিকাৰ সন্দৰ্ভত ৰাইজক সচেতন হৈ থাকিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আহ্বান জনাইছে।