ডিমা হাছাওত ভয়ংকৰ পথ দুৰ্ঘটনা

pc- onmanorama

ডিমা হাছাওত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিমা হাছাও জিলাৰ হাফলং আৰক্ষী থানাৰ অন্তৰ্গত বড়ো হাফলং অঞ্চলত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত থিতাতে নিহত হয় তিনিগৰাকী লোক আৰু গুৰুতৰভাৱে আহত হৈছে চাৰিগৰাকী যাত্ৰী । জানিব পৰা মতে, হাফলং বজাৰৰ পৰা লামডিং অভিমুখী এখন টাটা মেজিক গৈ থকাৰ সময়তেই দুৰ্ঘটনাটো সংঘটিত হয় । AS08 C 4409 নম্বৰৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বড়ো হাফলঙৰ মূল পথৰ পৰা নিউ হাফলং ষ্টেচনলৈ যোৱা এপ্ৰ’চ ৰোডত বাগৰি পৰে । ফলত তিনিজন লোক থিতাতে নিহত হোৱাৰ লগতে ৪ জন গুৰুতৰভাৱে আহত হয় । এই দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ লগে লগে হাফলং থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতকেইজনক উদ্ধাৰ কৰি হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে সদৰী কৰা মতে, শনিবাৰে হাফলঙত সাপ্তাহিক বজাৰৰ দিন আছিল । এই বজাৰত তেওঁলোকে শাক পাচলি বিক্ৰী কৰি ঘৰলৈ ওভতাৰ পথতেই দুৰ্ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাত থিতাতে নিহত লোক তিনিগৰাকী হৈছে টাটা মেজিক বাহনৰ চালক লাংটিং হাচিন, দ্বিতীয় খণ্ডৰ মনজয় গুৰুং, লাংটিং কালিবাৰীৰ বিমলা আৰু লাংটিং কালিবাৰীৰ লম্বো নাৰ্জাৰী । আনহাতে আহত চাৰিগৰাকী হৈছে লাংটিঙৰ এনিময় চাকমা , মাইবাং চাইডিঙৰ চুলমিতা বাটাৰি, লাংটিং কালিবাৰীৰ চুনীলা বসুমতাৰী আৰু দাওটোহাজাৰ চুমিত মণ্ডল ।