ডিমা হাছাওত বন্ধ সকলো শিক্ষা প্ৰতিষ্ঠান

 ডিমা হাছাওত বন্ধ সকলো শিক্ষা প্ৰতিষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ পাহাৰীয়া জিলা ডিমা হাচাওত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। বিগত কিছু দিন ধৰি ডিমা হাচাও জিলাতখনত হৈ আছে ধাৰাসাৰ বৰষুণ। ধাৰাসাৰ বৰষুণৰ পিছতে জিলাখনৰ ভিন্নপ্ৰান্তত হৈছে ভূমিস্মলন।পাৰ্বত্য জিলাখনত বিগত কেইবাদিন ধৰি হৈ থকা প্ৰতিকূল বতৰে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। শংকিত হৈ পৰিছে পাৰ্বত্য জিলাখনৰ বাসিন্দা। প্ৰতিকূল বতৰৰ বাবেই বৃহস্পতিবাৰে জিলা প্ৰশাসন তথা জিলা দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে এক নিৰ্দেশনা। নিৰ্দেশনাত উল্লেখ থকা মতে আজিৰে পৰা ৪ মে’ লৈ পাৰ্বত্য জিলাখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব।ইয়াৰ লগতে জাতিংগা-হাৰাংগাজাও সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱেলি ৪ বজাৰ পৰা বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে।পাহাৰীয়া জিলাখনত হোৱা ভূমিস্খলনৰ বাবে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে। তদুপৰি ৰে’ল যোগাযোগো ব্যাহত হৈ পৰিছে। মাইবাংত হোৱা ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত লামডিং-শিলচৰৰ ৰে’ল সেৱা বন্ধ কৰি দিয়া হৈছে।আনহাতে জিলাখনত ৬ মে’লৈ অতিপাত বৰষুণৰ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।