ডিব্ৰু মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ সামৰণি:শীৰ্ষ গীত উন্মোচন উপাচার্য ড০ জিতেন হাজৰিকাৰ:উপস্থিত সৰ্বানন্দ সোণোৱাল
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সফলতাৰে সামৰণি পৰিল ডিব্ৰুগড়ৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ডিব্ৰু মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ। দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল। ডিব্ৰু মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ প্ৰদীপ কুমাৰ বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ছাত্র-ছাত্ৰীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে। উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে ডিব্ৰু মহাবিদ্যালয়ে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি সোনোৱালে কয় যে ভাল কাম কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব। শৃংখলাবদ্ধ মানি চলি শিক্ষা গ্ৰহণ কৰিব লাগিব। শিক্ষাৰ্থীসকলে সফল ব্যক্তি হ’বলৈ নিজেই নিজক গঢ়িব লাগিব। পৰিশ্ৰমৰ জৰিয়তেহে সফলতা লাভ কৰিব পাৰি। কষ্ট কৰি সফলতা লাভ কৰিলে সমাজ উপকৃত হ’ব আৰু পিতৃ-মাতৃ আনন্দিত হ’ব। মাতৃ-পিতৃ আৰু শিক্ষাগুৰুৰ কথা মানি চলা ছাত্র-ছাত্ৰী কেতিয়াও বিফল নহয়। ইফালে ডিব্ৰু মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে প্ৰস্তুত কৰা শীৰ্ষক গীত উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই। মহাবিদ্যালয়খনৰ হীৰক জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থৰো উন্মোচন কৰা হয়। পুৱাৰ ভাগতে সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা, পৰিচালনা সমিতিৰ সভাপতি ড০ প্ৰদীপ কুমাৰ বৰুৱা, অধ্যক্ষ ড০ ৰঞ্জন চাংমাই, কমলেন্দু শইকীয়া, সহযোগী সম্পাদক বিজু মৰান, ৰাহুল দেৱ সোনোৱাল, ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জ্যোতি বৰগোহাঁই, উপাধ্যক্ষ ড০ অদিতি বৰুৱা, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়া আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।