ডিব্ৰু কলেজৰ অৱসৰী মুখ্য সহায়ক, সমাজকৰ্মী ইনামুল হুছেইনৰ মৃত্যু

ডিব্ৰু কলেজৰ অৱসৰী মুখ্য সহায়ক, সমাজকৰ্মী ইনামুল হুছেইনৰ মৃত্যু

এম হাছিম আলী,ডিব্ৰুগড়,  ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ সেউজপুৰ নিবাসী, সমাজকৰ্মী, ডিব্ৰু কলেজৰ অৱসৰপ্ৰাপ্ত মুখ্য সহায়ক, ইনামুল হুছেইনৰ( এলজান) আজি (৫/৬/২৩) পুৱা বাৰ্ধক্যজনিত কাৰণত ৮৩ বছৰ বয়সত মৃত্যু হয়। ১৯৪০ চনত জন্মগ্ৰহণ কৰা হুছেইনে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত পঢ়া শুনাৰ কৰাৰ পিছত ডিব্ৰু মহাবিদ্যালয়ত চাকৰি সূত্ৰে যোগদান কৰি ২০০০ চনৰ ২৮ ফেব্ৰুৱৰীত সেইখন মহাবিদ্যালয়ৰ পৰাই মুখ্য সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰে। এগৰাকী সমাজকৰ্মী হিচাপে জনাজাত তেখেতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ লগত জড়িতহৈ আছিল আৰু ইয়াৰ ভিতৰত নালিয়াপুল কবৰস্থান সমিতিৰ প্ৰাক্তন সম্পাদক, নিজকদমণি মছজিদৰ কমিটিৰ প্ৰাক্তন সভাপতি, ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ প্ৰতিষ্ঠা কালৰ পৰাই জড়িতহৈ সেৱা আগ বঢ়াইছিল। মৃত্যুৰ সময়ত পত্নীৰ লগতে ২ পুত্ৰ আৰু এগৰাকী কন্যা , ৩ ভাই-ককাই, বোৱাৰী আৰু নাতি নাতিনীসহ পৰিয়ালৰ অনেক আত্মীয়ক ইহসংসাৰত এৰি যায়। আজি হুছেইনৰ জানাজা স্থানীয় নালিয়াপুল কবৰস্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। তেখেতৰ মৃত্যুত ডিব্ৰুগড়ৰ চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি ডাঃ আহমেদউল্লা খান আৰু সম্পাদক এম হাছিম আলীয়ে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ বেদনা জ্ঞাপন কৰে।