ডিব্ৰুগড় বিজ্ঞান সমিতিৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাক সম্বৰ্ধনা

ডিব্ৰুগড় বিজ্ঞান সমিতিৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাক সম্বৰ্ধনা

এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় বিজ্ঞান সমিতিৰ সভাপতি,সম্পাদক প্ৰমুখ্যে পাঁচজনীয়া এক প্ৰতিনিধি দলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাক আজি (৩০/৩/২৩) বিশ্ববিদ্যালয়ৰ কাৰ্যালয় কক্ষত সাক্ষাৎ কৰি সম্বৰ্ধনা জনায়। উপাচাৰ্যগৰাকীৰ একালৰ শিক্ষাগুৰু ড০ কমলেশ্বৰ দত্ত উপস্থিত থকা সম্বৰ্ধনা অনুষ্ঠানটিত ডিব্ৰুগড় বিজ্ঞান সমিতিৰ সভাপতি ড০ ভাৰতী দত্তই সুদীৰ্ঘ সম্বৰ্ধনা পত্ৰখনি পাঠ কৰে। সম্পাদক নাছিৰ চুলতান , উপসভাপতি ড০ ৰঞ্জিত সিংহ, কাৰ্যকৰী সভাপতি সুদক্ষিণা দাস আৰু সভাপতিৰ দ্বাৰা স্বাক্ষৰিত পত্ৰখনিত উপাচাৰ্য ড০জিতেন হাজৰিকাৰ উচ্চমানৰ বিদ্যায়তনিক সফলতা,তেখেতৰ বিশাল শৈক্ষিক অৱদান তথা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিসংখ্যাবিদ হিচাপে তেখেতে আগবঢ়োৱা বিশিষ্ট অৱদানৰ ভূয়সী প্ৰশংসা কৰা হয়। উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ “ডিব্ৰুগড় বিশ্ববিদ্যালয়”ৰ সন্মানীয় উপাচাৰ্যৰ আসনত অধিষ্ঠিত হোৱাত সন্তোষ প্ৰকাশ কৰাৰ লগতে অসমৰ বৌদ্ধিক জগতখনিক আগবঢ়াই নিয়াৰ অন্যতম এগৰাকী হিচাপে ড০ হাজৰিকাক শুভেচ্ছা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা পত্ৰ, চেলেংচাদৰ, ফুলাম গামোচা, ফুলৰ থোপা আৰু গ্ৰন্থসহ আদৰণি জনোৱা অনুষ্ঠানটিত উপস্থিত থকা সভাপতি ,কাৰ্যকৰী সভাপতি,উপসভাপতি,সম্পাদকআৰু সদস্য অজিত কুমাৰ শৰ্মাৰ প্ৰতি উপাচাৰ্য ড০ জিতেন হাজৰিকাই ধন্যবাদ জ্ঞাপন কৰাৰ লগতে পিতৃসম তেখেতৰ শিক্ষাগুৰুগৰাকীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।