ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰ্যালোচনা সভা সম্বোধন কৰে মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস ডাঙৰীয়াই
ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এখনি পৰ্যালোচনা সভা সম্বোধন কৰে অসমৰ মাননীয় মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস ডাঙৰীয়াই। সভাত জিলাখনত সম্পাদন হৈ থকা বিভাগৰ সকলো আঁচনি আৰু কৰ্মপ্ৰণালীৰ বিস্তৃত খতিয়ান বিভাগীয় বিষয়াৰ পৰা অৱগত কৰা হয়। লগতে, ৰূপায়ণ হৈ থকা আঁচনি সমূহৰ সফলতা তথা নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বিভাগৰ কৰণীয় দায়িত্বক সুচাৰুৰূপে পালন কৰাৰ বাবে তেখেতে আহ্বান জনায়। জিলাখনৰ গ্ৰামাঞ্চলৰ ৰাইজক বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে নিষ্ঠাৰে সেৱা আগবঢ়াই বিভাগৰ সকলো আঁচনিৰ সুবিধা প্ৰদানৰ হেতু নিজ দায়িত্ব আগ্ৰহেৰে পালন কৰিবলৈও বিশেষ ভাৱে আহ্বান জনাই তেখেতে। এই সভাত মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে অসম পেট্ৰ’কেমিকেলৰ সচিব শ্ৰী বিকুল ডেকা আৰু পঞ্চায়ত প্ৰতিনিধি সকলৰ লগতে বিভাগীয় বিষয়া সকল ৷