ডিব্ৰুগড বিশ্ববিদ্যালয়ৰ স’তে ‘প্ৰতিশ্ৰুতি’ৰ বুজাবুজি চুক্তি সম্পন্নঃ দিনজোৰা কেঞ্চাৰ আৰু উপশমী চিকিৎসা সম্পৰ্কীয় কৰ্মশালা

ডিব্ৰুগড বিশ্ববিদ্যালয়ৰ স’তে ‘প্ৰতিশ্ৰুতি’ৰ বুজাবুজি চুক্তি সম্পন্নঃ দিনজোৰা কেঞ্চাৰ আৰু উপশমী চিকিৎসা সম্পৰ্কীয় কৰ্মশালা ::ছাত্ৰ-ছাত্ৰীৰ বাবে এনে প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰয়োজন- উপাচাৰ্য ড০ হাজৰিকা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজ কৰ্ম অধ্যয়ন কেন্দ্ৰ চমুকৈ ‘এম.এছ.ডব্লিউ’ আৰু প্ৰতিশ্ৰুতি কেন্সাৰ আৰু পেলিয়েটিভ ট্ৰাষ্ট চমুকৈ ‘প্ৰতিশ্ৰুতি’ৰ যৌথ উদ্যোগত বিভাগটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইন্দিৰা মিৰি সভাকক্ষত ‘কৰ্কট আৰু উপশমী চিকিৎসা’¸ (Palliative Care) বিষয়ক এখনি এদিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজনৰ লগতে দুয়োটা অনুষ্ঠানৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়৷ এই উপলক্ষে উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড॰ জিতেন হাজৰিকাই নিজৰ উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এনে প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব আৰোপ কৰি উদ্যোক্তাসকলক তেওঁলোকৰ পদক্ষেপক প্ৰশংসা কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি ‘অসম চিকিৎসা মহাবিদ্যালয়ৰ পেথলজি বিভাগৰ সহযোগী অধ্যাপক তথা ‘প্ৰতিশ্ৰুতি’ৰ অবৈতনিক অনুষ্ঠান সঞ্চালক ডাঃ গায়ত্ৰী গগৈয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ সম্পৰ্কে এক আভাষ প্ৰদানৰ লগতে উপশমী চিকিৎসাৰ গুৰুত্ব সম্পৰ্কেও আলোকপাত কৰে৷ বিভাগটোৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক সকলৰ লগতে ‘প্ৰতিশ্ৰুতি’ৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত ‘এম.এছ.ডব্লিউ’ৰ সহকাৰী অধ্যাপক বৃষ্টি বৰগোহাঁয়ে আঁতধৰা অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ‘প্ৰতিশ্ৰুতি’ৰ উমৈহতীয়া লক্ষ্যসমূহত উপনীত হোৱাৰ লক্ষ্যৰে গৱেষণা, সম্প্ৰসাৰণ সেৱা, অভিজ্ঞতামূলক শিক্ষা প্ৰদান, প্ৰশিক্ষণ আৰু অন্যান্য শৈক্ষিক কাৰ্যকলাপত সহযোগিতা কৰিবলৈ এখন ‘বুজাবুজি চুক্তি’ স্বাক্ষৰিত হয়৷ চুক্তি সম্পাদন কৰি আগবঢ়োৱা চমু ভাষণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ পৰমানন্দ সোনোৱালে এনে পদক্ষেপৰ জৰিয়তে বিশ্ববিদ্যালয়খনে বৃহত্তৰ সামাজিক মংগলৰ দিশত অৰিহণা যোগাই যাব বুলি আশা প্ৰকাশ কৰে৷ অনুষ্ঠানত বিভাগীয় সঞ্চালক অধ্যাপক নিতুল কুমাৰ গগৈয়েও শুভেচ্চামূলক বক্তব্য আগবঢ়ায়৷ মুঠ পাঁচটা সত্ৰত আয়োজিত এই কৰ্মশালাৰ দ্বিতীয় সত্ৰত ‘প্ৰতিশ্ৰুতি’ৰ সম্পাদক পান্না ভৰালীয়ে ‘প্ৰতিশ্ৰুতি’য়ে কেঞ্চাৰ সজাগতা আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত কাম কৰা মডেল আৰু কাম-কাজ’ বিষয়ক, ডাঃ জি. এছ বৰগোহাঁয়ে ‘উপশমী চিকিৎসা সম্পৰ্কীয় কাম-কাজ আৰু সূত্ৰ’ বিষয়ত আৰু খাদ্য বিশেষজ্ঞ লুকিমা বৰুৱাই ‘উপশমী চিকিৎসাত পুষ্টিকৰ খাদ্যৰ প্ৰভাৱ’ বিষয়ক বক্তব্য আগবঢ়ায়৷ তৃতীয় সত্ৰত ‘প্ৰতিশ্ৰুতি’ৰ উপ সভাপতি দীপালি শইকীয়াই ‘প্ৰতিশ্ৰুতিৰ হেল্পলাইনত মোৰ অভিজ্ঞতা’ বিষয়ক, সদস্যা অস্মিতা কলিতাই ‘স্বেচ্চাসেৱকৰ দায়িত্ব আৰু কৰ্তব্য’ বিষয়ত বক্তব্য আগবঢ়োৱাৰ লগতে ‘প্ৰতিশ্ৰুতি’ৰ সক্ৰিয় সদস্যা মৌচুমী গগৈ আৰু কৰবী হাজৰিকাই নিজৰ অনুভৱ ব্যক্ত কৰে৷ চতুৰ্থ সত্ৰত ‘ৰোগীৰ পৰা ৰক্ত সংগ্ৰহৰ পদ্ধতি’ সম্পৰ্কত ব্যৱহাৰিকভাৱে প্ৰদৰ্শন কৰে নাফিছা জিন্নত হাকিমে, ‘ড্ৰেছিং আৰু বেণ্ডেজ’ বিষয়ক প্ৰশিক্ষণ প্ৰদান কৰে এ এম চি এইছৰ ষ্টাফ নাৰ্চ জুনু চুতীয়া দিহিঙীয়া আৰু ডালিমী গগৈয়ে৷ আনহাতে কৰ্মশালাৰ পঞ্চম সত্ৰত ইএনটি বিশেষজ্ঞ ডাঃ ফৌজিয়া ছিৰিন হাকিমে ‘মুখগহ্বৰৰ কেঞ্চাৰ’ বিষয়ক, ‘প্ৰতিশ্ৰুতি’ৰ যুটীয়া সম্পাদক, জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই ‘কেঞ্চাৰ সজাগতাৰ ক্ষেত্ৰত ‘সংবাদ মাধ্যমৰ ভূমিকা’ শীৰ্ষক বিষয়ক আৰু ‘প্ৰতিশ্ৰুতি’ৰ প্ৰজেক্ট সম্ভৱ আঁচনি আৰু পুঁজি সংগ্ৰহ’ বিষয়ক বক্তব্য আগবঢ়ায় কাৰ্যনিৰ্বাহক সদস্য পদুমপোনা বৰুৱাই৷ দুয়োটা অনুষ্ঠানৰ হৈ শলাগ জ্ঞাপন কৰে ‘এম.এছ.ডব্লিউ’ বিভাগৰ সহকাৰী অধ্যাপক কৃষ্টিৰেখা চমুৱাই৷ অনুষ্ঠানত বিভাগীয় সহকাৰী অধ্যাপক ড॰ মনোজ দত্ত, ড॰ অনচাই বাথৌ বসুমতাৰী, বিদিন্থা নাৰ্জাৰী, বিদিশা শ্বাবৰ্ণকে ধৰি বিভাগটোৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷