ডিব্ৰুগড় সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত আৰু অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াৰ ৰচিত তিনিখন গ্ৰন্থ উন্মোচন

ডিব্ৰুগড় সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত আৰু অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াৰ ৰচিত তিনিখন গ্ৰন্থ উন্মোচন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- “ভাল লেখক, ভাল প্রকাশক আৰু ভাল পঢ়ুৱৈ, এই তিনিটাৰ সংমিশ্ৰণতহে গ্ৰন্থই প্রকৃত মূল্য লাভ কৰে’- এই তাৎপর্যপূর্ণমন্তব্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাৰ। ডিব্ৰুগড় সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াৰ তিনিখন গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ‘কেনেকৈ নিঃশেষ হয় এটা জাতি’ শীর্ষক গ্রন্থখন উন্মোচন কৰি লগতে কয় যে – কিতাপৰ কাহিনী আৰু ঘটনাই কল্পনাৰ ঘোঁৰা দৌৰাব পাৰিলেহে কিতাপে প্রকৃত মূল্য লাভ কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি গ্রন্থ অধ্যয়নৰ মানসিকতা গঢ়ি তোলাৰ প্ৰতি আহ্বান জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক গ্রন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী হ’বলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে হাতৰ ম’বাইলটোৱে যুৱ প্ৰজন্মৰ গ্ৰন্থ অধ্যয়নৰ মানসিকতা হ্ৰাস কৰি পেলাইছে। এনে লক্ষণ এটা জাতিৰ কাৰণে শুভ নহয় বুমি মন্তব্য কৰি ড০ শশীকান্ত শ‍ইকীয়াৰ দ্বাৰা ৰচিত ‘কেনেকৈ নিঃশেষ হয় এটা জাতি’ গ্ৰন্থখনে ইয়াৰে ভয়াৱহ ইংগিত বহন কৰা বুলি মন্তব্য কৰে। শিৱসাগৰ বিশ্ববিদ্যালয়, অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয় আৰু উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই নিজৰ জন্ম দিনত গ্রন্থ উন্মোচন কৰা ব্যতিক্ৰমী প্ৰচেষ্টা এটা জাতিৰ কাৰণে, ভাষা-সাহিত্যৰ কাৰণে অতি যোগাত্মক প্রচেষ্টা আৰু ই সকলোৰে বাবে নিদর্শন হোৱা উচিত বুলি মন্তব্য কৰে। কানৈ মহাবিদ্যালয়ৰ মুখ্যদ্বাৰৰ পৰা আৰতিৰ উৰুলি, গায়ন-বায়ন আৰু এন চি চিৰ কেডেটে উষ্ম আদৰণী জনাই সভাগৃহলৈ অনা সভাখনিত উপাচার্য ড° হাজৰিকাই গ্ৰন্থই কেনেদৰে জীৱনত সফলতা লাভ কৰাত সহায় কৰে সেই বিষয়ে অৱগত কৰাৰ লগতে গ্ৰন্থ অধ্যয়ন কৰি সেই গ্রন্থ অধ্যয়নৰ জ্ঞানেৰে অধিক গ্রন্থ প্রকাশৰ প্রতি আহ্বান জনায়। ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি জ্যোতি বৰগোহাঁয়ে সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাখনিত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট স্তম্ভ লেখক, অসম সাহিত্য সভাৰ আন্তঃৰাজ্যিক বিদেশমৈত্রীবন্ধন উপ-সমিতিৰ আহ্বায়ক, ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্রায় ৫০ খনকৈ গ্ৰন্থ প্ৰকাশক ড° শশীকান্ত শ‍ইকীয়াৰদ্বাৰা ৰচিত দ্বিতীয়খন গ্রন্থ ‘অসহিষ্ণু সমাজ আৰু মানুহৰ ভৱিষ্যত’ গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্রাধ্যাপক ড° গোপাল হাজৰিকাই কয়— আনুষ্ঠানিক বা অনানুষ্ঠানিক যি অনুষ্ঠানেই নহওঁক সকলোতে ভাগ ল’ব লাগে। সেই ভাগ লোৱাৰ মানসিকতাই আমাৰ জীৱনত জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাত সহায় কৰে। মানুহে নিজৰ অতীত বাদ দি বৰ্তমান আৰু ভৱিষ্যতটো লক্ষ্য কৰিব লাগে,তেতিয়া মানুহৰ জীৱনত সফলতা আহিবই বুলি উল্লেখ কৰি সমাজৰ অসহিষ্ণুতাই এটা জাতিক নিঃশেষ কৰিবলৈও বেচি পৰ নালাগে বুলি মন্তব্যকৰে। লেখকে গ্ৰন্থখনৰ শিৰোনামৰ জড়িয়তেই জাতি তথা অসমীয়া মানুহৰ ভৱিষ্যত উপলব্ধি কৰি সংকিত হৈ পৰা বুলি অনুভৱ কৰি তেওঁৰ তত্ত্বগধুৰ লেখনিৰ জড়িয়তে সমাজক বাৰ্তা দিয়াৰ প্ৰচেষ্টা কৰিছে। তেওঁ লগতে বহুকেইটা অসমীয়া সাহিত্যৰ সৌষ্ঠৱ বৃদ্ধি কৰা তথা অলংকাৰ ফকৰা যোজনাৰ জৰিয়তে ৰসাল বক্তৃতা প্ৰদান কৰে। ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁয়ে উদ্দেশ্যব্যাখ্যা কৰা অনুষ্ঠানটিত অধ্যক্ষ ড০ শশীকান্ত শ‍ইকীয়াৰ তৃতীয়খন গ্ৰন্থ ‘সপোন খেদি ফুৰাৰ আনন্দ’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড০ লগিৰাম শ‍ইকীয়াই। তেওঁ উন্মোচনী ভাষণত কয় যে – আমি সপোন দেখা উচিত। বাল্য কালৰে পৰাবৃদ্ধৱস্থালৈকে সকলোৱে সপোন দেখে। সেই সপোনৰ প্ৰকাৰ বেলেগ বেলেগ হয়। সপোন যেনেকুৱাই নহওক লাগিলে তাৰ ফলাফল কি হ’ব তাৰ ওপৰতহে অধিক গুৰুত্ব দিয়া উচিত। সপোন দেখা মানুহে সদায় এটা সুন্দৰ মন লৈ জীৱনত আগবাঢ়ি যাবলৈ সক্ষম হোৱা বুলি কৈ ড° শ‍ইকীয়া নিজেই এটা সপোন বুলি উল্লেখ কৰি তেওঁ নিজেই এখন গ্ৰন্থ বুলি মন্তব্য প্ৰদান কৰে। তেওঁ লগতে কয় নৈতিক ধ্যান ধাৰণা যাৰ ধণাত্মক হয় তেওঁৰ সপোনো ধণাত্মক হয়। যি সপোন ধণাত্মক হয় সেই সপোনে উচিত ফলাফল লাভ কৰে। অনুষ্ঠানত গ্ৰন্থৰ লেখক ড°শশীকান্ত শ‍ইকীয়াই নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, মই নোখোৱাকৈ থাকিব পাৰিলেও লেখা কামটো এৰি জীয়াই থাকিব নোৱৰো। বিভিন্ন দেশ-বিদেশ ভ্ৰমণ আৰু দৈনিক বিভিন্ন জনৰ সৈতে হোৱা চিনা-পৰিচয় আৰু বাৰ্তালাপে মোক লিখাৰ ক্ষেত্ৰত যথেষ্ট অনুপ্ৰেৰণা যোগায় বুলি কয়।উল্লেখ্য যে ৩১ জুলাইত উন্মোচন হোৱা তিনিখন গ্ৰন্থৰ ভিতৰত কেনেকৈ নিঃশেষ হয় গ্ৰন্থখন ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি তিনিখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বত থকা ড০ জিতেন হাজৰিকাৰ নামত উচৰ্গিত কৰাৰ লগতে ‘অসহিষ্ণু সমাজ আৰু মানুহৰ ভৱিষ্যত’ শীৰ্ষক গ্রন্থখন বিশিষ্ট লেখক, চিন্তাবিদ, শিক্ষাবিদ ড° দিব্যজ্যোতি মহন্তলৈ উচৰ্গা কৰাৰ লগতে ‘সপোন খেদি ফুৰাৰ আনন্দ’ শীৰ্ষক গ্রন্থখন জ্যেষ্ঠ সাংবাদিক, ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক বাতুল গোহাঁইৰ নামত উচৰ্গা কৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি মনজিৎ বৰাই নিজৰ ভাষণ প্ৰসংগত ড০ শশীকান্ত শ‍ইকীয়াৰ সৈতে লাভ কৰা দীঘলীয়া সান্নিধ্যৰ বিষয়ে উল্লেখ কৰি গ্ৰন্থৰ ৰচনাই নহয়, সমাজৰ প্ৰতিটো ক্ষেত্ৰতেই সদায় আগৰণুৱা আৰু চিৰতৰুণ ড০ শ‍ইকীয়াৰ সপোন আৰু দীঘলীয়া। তেওঁৰ এই সপোনৰ জৰিয়তেই এদিন নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিব বুলি মন্তব্য কৰে। বিশিষ্ট সমাজকর্মী জ্যোতি প্ৰসাদ কানৈয়েও বক্তব্য আগবঢ়ায়। ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি যাদৱ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত ডিব্ৰুগড় সাহিত্য সভাৰ জৰিয়তে পৰিবেশিত চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানতে অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াক ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ তৰফৰ পৰা বিশেষভাৱে সম্বর্ধনা জনোৱা হয়। আনহাতে বিভিন্ন দল-সংগঠন, অনুষ্ঠান, শুভাকাংক্ষী আদিয়ে গ্রন্থ উন্মোচনী অনুষ্ঠানতে তেখেতৰ জন্মদিন উপলক্ষ্যে ফুলামগামোছা, চেলেং, গ্ৰন্থৰ টোপোলা, ফুলৰ থোপা আদিৰে শুভেচ্ছা জনায়। কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্রী তথা উদীয়মান সংগীত শিল্পী ডিম্পল নাথে দিপালী বৰঠাকুৰৰ এটি গীত পৰিৱেশন আৰু ড° চুমী ফুকনে চৈয়দ আব্দুল মালিকৰ এটি গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বুদ্ধি কৰে। লগতে লেখিকা অৰ্পনা ফুকন দাসে স্বৰচিত এটি কবিতাৰে অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াক জন্মদিনৰ শুভেচ্ছা আপন কৰে। অনুষ্ঠানত ডিএইচ এছ কানৈ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° খনিন্দ্ৰ মিশ্র ভাগৱতী, বিশিষ্ট লেখিকা ড° ভাৰতী দত্ত, আৰাধনা দত্ত, কানৈ মহাবিদ্যালয়ৰ প্রাক্তন অধ্যাপিকা ড০ চুলতানা হাজৰিকা, অধ্যাপক ড° জ্যোতি প্ৰসাদ ফুকন, ড০ মৃদুল শর্মা, আদিত্য দাহাল, নাহৰকটীয়া মাহবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ কল্যাণ বৰুৱা, ক্রীড়া সংগঠক মণি শ‍ইকীয়া, সদৌ অসম লেখিকা সন্থাৰ প্ৰধান সম্পাদক উদয়ন্তী হাজৰিকা দত্তকে প্ৰমুখ্য কৰি ডিব্ৰুগড় সাহিত্য সভাৰ বিষয়ববীয়া সদস্যসকল, বিভিন্ন শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল, কানৈ মহাবিদ্যালয়ৰ ভালেসংখ্যক অধ্যাপক-অধ্যাপিকা,কৰ্মচাৰী, বিভিন্ন অনুষ্ঠান, সংগঠনৰ বিষয়ববীয়াকে প্ৰমুখ্য কৰি প্ৰায় দুই শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে। ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী আহ্বায়িকা বিতুমণি ফুকনে শলাগৰ শৰাই আগবঢ়োৰ লগতে জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।