ডিব্ৰুগড় সংসদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱাল আৰু লুৰিণ জ্যোতি গগৈৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ ১৩নং সংসদীয় সমষ্টিৰ বাবে আজি (২৬-৩-২৪) মনোনয়ন দাখিল কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ফুলবাগানস্থিত পুৰণি হাইস্কুল খেলপথাৰৰ পৰা পদযাত্ৰা কৰি ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে সৰ্বানন্দ সোণোৱালে । মনোনয়ন দাখিলৰ সময়ত সোণোৱালৰ সৈতে সংগ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ডিব্ৰুগড় লোকসভাৰ সাংসদ ৰামেশ্বৰ তেলীৰ লগতে অসম গণ পৰিষদ আৰু ইউ পি পি এল দলৰ নেতৃত্ব । বিজেপি প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিলৰ বাবে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিৰ পৰাই দলীয় কৰ্মীসকল আহি পদযাত্ৰাত অংশগ্ৰহণ কৰে । উল্লেখ্যযোগ্য যে লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে প্ৰচাৰ তুংগত কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে । ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় হৈ উঠিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ । ডিব্ৰুগড় লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি শাসকীয় দলৰ বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱাল প্ৰাৰ্থী হোৱাত উৎফুল্লিত ডিব্ৰুগড়ৰ বিজেপি কৰ্মীসকল । ইতিমধ্যে ডিব্ৰুগড় লোকসভা সমষ্টিত থকা ১১টা বিধানসভা সমষ্টিত বিজেপি দলে আৰম্ভ কৰিছে জোৰদাৰ প্ৰচাৰ অভিযান । বিৰোধীক দুৰ্বল বুলি নভৱা সৰ্বানন্দ সোণোৱালে বিধায়ক আৰু দলীয় কৰ্মীসকলক লগত লৈ প্ৰতিটো বিধানসভা সমষ্টিত ব্যাপক প্ৰচাৰ অভিযান চলাইছে । আনহাতে বিৰোধী ঐক্য মঞ্চৰ সন্মিলিত শীৰ্ষ নেতাসকলৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰে বিৰোধী ঐক্যমঞ্চৰ প্ৰক্ষেপিত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ।মনোনয়ন দাখিল কৰি ৰাইজৰ আশীৰ্বাদ বিচাৰিলে প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে । ডিব্ৰুগড়ৰ নিৰ্মালীগাওঁ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা কেইবাসহস্ৰাধিক কৰ্মী সমৰ্থকে বিশাল ৰেলীৰে জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে। মনোনয়ন পত্ৰ প্ৰদানৰ সময়ত গগৈক সংগ প্ৰদান কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ,ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, এ জে পিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, কংগ্ৰেছ দলৰ প্ৰাক্তনমন্ত্ৰী পৃথ্বী মাঝি , এতোৱা মুণ্ডা, প্ৰাক্তন বিধায়ক ৰাজু চাহুকে ধৰি বিৰোধী ঐক্য মঞ্চৰ সকলো শীৰ্ষ নেতা কৰ্মীয়ে। দুয়োগৰাকী প্ৰাৰ্থিয়ে মনোনয়ন দাখিল কৰিবলৈ অহাত লগতে আজি মুখ্যমন্ত্ৰীৰ আগমণত বাট পথত যথেষ্ট যান জঁটৰ সৃষ্টি হয়।