ডিব্ৰুগড় শ্বহীদ ন্যাসত আছুৰ সংবাদমেল

ডিব্ৰুগড় শ্বহীদ ন্যাসত আছুৰ সংবাদমেল : সাহিত্যিক ড০ নগেন শইকীয়া আৰু অভিনেতা বিষ্ণু খাৰঘৰীয়াক ডিব্ৰু সন্মান প্ৰদানৰ কথা ঘোষণা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰৰ বহাগী ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি অহা ২৮, ২৯ আৰু ৩০ এপ্ৰিলত অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ সংগীতানুষ্ঠানৰ  লগতে সদৌ অসম ভিত্তিত নগদ ধন সম্বলিত বৰ বিহুৱতী, মুকলি বিহু আৰু সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতাও অনুষ্ঠিত হব। ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অসমৰ বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা- অভিনেত্ৰী,কণ্ঠশিল্পী উপস্থিত থাকিব ।এইবাৰ বহাগী ক্ষেত্ৰত অসমৰ দুগৰাকী স্বনাম ধন্য পুৰোধা  বিশিষ্টব্যক্তি ক্ৰমে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মিতভাষ স্ৰষ্টা ড০ নগেন শইকীয়া  আৰু আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট অভিনেতা  বিষ্ণু খাৰঘৰীয়াক ২০২৫ বৰ্ষৰ “ডিব্ৰু সন্মান”  প্ৰদান কৰা হ’ব বুলি  ডিব্ৰুগড়ৰ ছহিদ ভৱনত ৩ এপ্ৰিলত অনুষ্ঠিত হোৱা এক সংবাদ মেলত  প্ৰকাশ কৰে  ডিব্ৰুগড় জিলা আছুৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰ, ডিব্ৰুগড় ছাত্ৰ সন্থাৰ তনুজ হালৈ আৰু পাপু শইকীয়াই।তেখেত সকলে অসমৰ ৰাইজৰ উপস্থিতি আৰু সহযোগিতাৰো সংবাদমেল যোগে কামনা কৰে।