ডিব্ৰুগড় মানকটা কছাৰীবাৰীত দুদিনীয়াকৈ বিহু সন্মিলনৰ আয়োজন

ডিব্ৰুগড় মানকটা কছাৰীবাৰীত দুদিনীয়াকৈ বিহু সন্মিলনৰ আয়োজন 
এম হাছিম  আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ কছাৰীবাৰী পূৱেৰুণ সংঘৰ উদ্যোগত ৪৫ সংখ্যক ৰঙালী বিহু সন্মিলনখনি অহা ১০  আৰু ১১ মে’ত দুদিনীয়া কাৰ্য্যসূচীৰে উদ্‌যাপন কৰা হব। কাৰ্যসূচী অনুসৰি ১০ মে’ৰ পুৱা  খেল-ধেমালি প্ৰতিযোগিতা যেনে মিউজিক চেয়াৰ, ৰছীটনা, ভাগ্য পৰীক্ষা,টেকেলী ভঙা, কুঁকুৰা যুঁজ, চামুছ খেল, ভেকুলী জাম্প আৰু চিত্ৰাঙ্কণ প্ৰতিযোগিতা আদি। পুৱা ৯ বজাত বিহুৱান উত্তোলন কৰিব ৰঙালী বিহু উদ্‌যাপন সমিতিৰ সভাপতি সোমেন বড়াই। স্মৃতি তৰ্পণ কৰিব পূৱেৰুণ সংঘৰ সভাপতি, দুৰ্গাধৰ সোনোৱালে। সমূহীয়া চাফাই অভিযান আৰু বৃক্ষৰোপন। বিয়লি ২-৩০ বজাৰ পৰা সাংস্কৃতিক প্ৰতিযোগিতা আৰম্ভ । বিহু নাচ ( অঙ্কুৰ শাখা ) ‘ক’ শাখাৰ বিহু নাচ প্ৰতিযোগিতা, বিহুনাম, ঢোল বাদন, পেঁপা বাদন আৰু হুঁচৰি প্ৰতিযোগিতা লগতে নিশালৈ জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান। ১১ মে’ পুৱা ১০-০০ বজাৰ পৰা  ‘সৰু বিহুৱতী’ ( মৌ-কুঁৱৰী ) লগতে ‘খ’ শাখাৰ বিহু নাচ প্ৰতিযোগিতা। বিয়লি ২-০০ বজাৰ পৰা কুইজ প্রতিযোগিতা।  বিহু সংস্কৃতি বিশেষজ্ঞ অজিত দাসে  পৰিচালনা কৰা কুইজ প্রতিযোগিতা লগতে গাভৰু বিহু আৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হব। নিশা ১০-০০ বজাৰ পৰা আমন্ত্ৰিত জনপ্ৰিয় কণ্ঠশিল্পী বিকাশ গগৈৰ  সংগীতানুষ্ঠানেৰে ৰঙালী বিহু সন্মিলন সামৰণি পৰিব। পূবেৰুণ সংঘ আৰু উদযাপন সমিতিৰ বিষয়ববীয়া ক্ৰমে দুৰ্গাধৰ সোনোৱাল, ভৱকান্ত সোনোৱাল, কৰুণ দাস, হোমেন বড়া, জয়ন্ত সোনোৱাল, জিন্তু সোনোৱাল ( পাপু), মৃদুল পাত্ৰ, জিতুল বৰুৱা, উত্তম কোঁৱৰ আৰু প্ৰশান্ত শইকীয়াই  প্ৰতিটো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে ।