ডিব্ৰুগড় মহানগৰৰ কৃত্ৰিম বানত বিধ্বস্ত চহৰখনৰ পথত বৃহত গাঁত: মটক যুৱ ছাত্ৰ পৰিষদৰ ক্ষোভ

ডিব্ৰুগড় মহানগৰৰ কৃত্ৰিম বানত বিধ্বস্ত চহৰখনৰ পথত বৃহত গাঁত: মটক যুৱ ছাত্ৰ পৰিষদৰ ক্ষোভ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় চহৰৰ এটি ব্যস্ততাপূৰ্ণ পথ হৈছে জালুকপাৰা। এই ব্যস্ততাপূৰ্ণ পথটো অলপতে বানে চহৰখন ধুই নিয়াৰ পাছত পথটো জৰাজীৰ্ণ হৈ পৰিছে। ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানৰ সমস্যা আজিৰ নতুন সমস্যা নহয়। বৈজ্ঞানিক পদ্ধতিৰে নলা নৰ্দমা সমূহৰ কাম নকৰাত এই সমস্যা প্ৰত্যেক বছৰেই হয়। কিন্ত্ত লক্ষনীয় যে ডিব্ৰুগড় পৌৰসভা পৌৰনিগমলৈ উন্নিত হল যদিও এই মিনি মহানগৰীলৈ পৰিনত হোৱা ডিব্ৰুগড়বাসীয়ে কৃত্ৰিম বান সমস্যাৰ পৰা কাহানিও পৰিত্ৰাণ নাপালে। মানে সন্মুখীন হৈছে এটাৰ পাছতে সাজু হৈ থাকিব লগীয়া হৈ আন এটা সমস্যাৰ । সেই সমস্যা পথৰ, ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ সমস্যা।বিকাশৰ নামত জয়ঢোল বজোৱা বিজেপি চৰকাৰৰ ফোঁপোলা স্বৰূপ উদঙাইছে এই পথটোৱে। ডিব্ৰুগড় চহৰখনৰ অতি ব্যস্ত পথ জালুকপাৰা পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে সাধাৰণ পথচাৰীক। এজাক বৰষুণ দিলেই যাতায়াতৰ অনুপযোগী হৈ পৰে পথচোৱা। পথটোৰ মাজভাগত সৃষ্টি হৈছে প্ৰকাণ্ড প্রকাণ্ড পুখুৰীসদৃশ গাঁত। চহৰখনৰ অন্যতম বাণিজ্যিক পথ বুলিলেও অত্যুক্তি কৰা নহ’ব জালুকপাৰা পথটো। মানকটা পথ আৰু এইচ এছ পথ সংযোগী এই জালুকপাৰা পথটো হৈছে চহৰখনৰ অন্যতম ব্যস্ত পথ। কিন্তু এই পথটো নিৰ্মাণৰ বাবে কাৰোৰে গুৰুত্ব নাই। ডিব্ৰুগড় পৌৰনিগম কিম্বা বিগত ২০ টা বছৰ কাল শাসনৰ গাদীত বহি থকা ডিব্রুগড় সমষ্টিৰ বিধায়ক প্রশান্ত ফুকনৰ অমনোযোগিতাৰ বাবে বছৰ বছৰ ধৰি পথটো মেৰামতিৰ ব্যৱস্থা কৰা হোৱা নাই বুলি ৰাইজৰ অভিযোগ,যাৰ বাবে বৰষুণ দিলেই যমৰ-যাতনা ভোগ কৰিবলগীয়া হয় পথচাৰীসকলে। বিভিন্ন সময়ছোৱাত গাঁতত পৰি দুৰ্ঘটনাত পতিত হৈছে বহু পথচাৰী। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে যিমানেই উন্নয়নৰ শ্ল’গান নিদিয়ক লাগে, চহৰখনৰ এই গুৰুত্বপূর্ণ পথটোবে উদঙাইছে বিজেপি চৰকাৰৰ উন্নয়নৰ ফোঁপোলা ছবি। আনহাতে, এই পথটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰি ৰাইজৰ যাতায়াতত সুচল কৰিবলৈ দীর্ঘ বছৰ ধৰি দাবী জনাই অহাৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে চহৰবাসীৰ মাজত। ডিব্ৰুগড় নগৰৰ মাজমজিয়াত থকা জালুকপাৰাৰ এই পথটো শীঘ্রেই পুনৰ নিৰ্মাণৰ ব্যৱস্থা নকৰিলে যিকোনো ভয়ংকৰ দুর্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। পথটোৰ দূৰাৱস্থাকলৈ জাঙুৰ খাই উঠি সংবাদ মাধ্যমৰ আগত মটক যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপন দুৱৰাই ক্ষোভিত হৈ উঠিছে।তেওঁ কয় যে ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ পানী শুকুৱাই যোৱাৰ পিছত ইয়াত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে, সেইবোৰ অতি সোনকালে মেৰামতি কৰিব লাগে বিভাগীয় কর্তৃপক্ষই।