ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুলৰ আত্মসমর্পণ

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত আত্মসমৰ্পণ কৰিলে শেহতীয়াকৈ ৰাজ্য কপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল খলনায়ক ৰাহুল ছেত্ৰীয়ে। সোমবাৰে পুৱা তিনিচুকীয়াৰ লেখাপানী থানাত আত্মসমৰ্পণ কৰে ৰাহুল ছেত্ৰীয়ে । আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় ৰাহুল ছেত্ৰীক। ৯ দিন ধৰি পলাতক হৈ আছিল ৰাহুল ছেত্ৰী। ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে চমজি লৈছে ৰাহুলক। এতিয়া আইনী প্ৰক্ৰিয়াত সহযোগ কৰিব বুলিও প্ৰকাশ কৰে ৰেগিং কাণ্ডৰ অভিযুক্তজনে।ৰাহুলে কয়, ‘‘আইনৰ ছাত্ৰ হিচাপে ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ আস্থা আছে। সমগ্ৰ ঘটনা আইনৰ ওচৰত ব্যক্ত কৰিম। আইনে উচিত ন্যায় প্ৰদান কৰিব। যাৰ বাবে মই এতিয়া ওলাই আহিছো। এক ভাল তদন্ত হ’ব, মই ন্যায় পাম আৰু আনন্দ শৰ্মায়ো ন্যায় পাব।’’