ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১৮ জন ছাত্ৰক বহিষ্কাৰ

Pc Awaz the voice

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১৮ জন ছাত্ৰক বহিষ্কাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ ১৮ জনক বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছে।আটাইকেইজন ছাত্ৰক শীঘ্ৰেই ছাত্ৰাবাস খালি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।আটাইকেইজন ছাত্ৰ পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ।আনহাতে ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীক বিশ্ববিদ্যালয়ত আজীৱন প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।বিশ্ববিদ্যালয়ৰ অনুশাসন কমিটীৰ বৈঠকৰ পাছতেই এই সিদ্ধান্ত লোৱা হৈছে।এই সন্দৰ্ভত পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ ৱাৰ্ডেনলৈ কাৰণ দৰ্খোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে।উল্লেখযোগ্য যে,ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে অ‍াৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়াৰ পাছতেই সোমবাৰে পুৱা আৰক্ষীয়ে ৪ জন ছাত্ৰক গ্ৰেপ্তাৰ কৰে।এই ৪ জন ছাত্ৰ হৈছে ক্ৰমে সীমান্ত হাজৰিকা, নিৰঞ্জন ঠাকুৰ, গোলাপ ডেকা আৰু প্ৰানজিৎ বৰুৱা।অৱশ্যে, মূল অভিযুক্ত ৰাহুল চেত্ৰী এতিয়াও পলাতক।মুঠ ১৮ জন ছাত্ৰৰ ওপৰত ৰেগিঙৰ অভিযোগ ৰুজু কৰা হৈছিল।আনহাতে,এই সমগ্ৰ ঘটনাৰ সৈতে বিশ্ববিদ্যালয়খনৰ বহু কেইগৰাকী প্ৰাক্তন ছাত্ৰও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।