ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক চ’ৰাৰ নতুন সমিতি গঠন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক চ’ৰাৰ ২০২৫-২৬ বৰ্ষৰ সমিতিখন ভংগ কৰি ২০২৬-২৭ বৰ্ষৰ বাবে এখন নতুন সমিতি গঠন কৰা হয়। ‘অসমীয়া বিভাগৰ সভাকক্ষ’ত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে চ’ৰাৰ সভাপতি মন্টু বড়াই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে এবছৰীয়া কাৰ্যকালৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক পাৰ্থজিৎ গগৈয়ে। বিগত বৰ্ষৰ হিচাপ দাখিল কৰে কোষাধ্যক্ষ ত্ৰিদিব নন্দন দত্তই। গৱেষক চ’ৰাৰ নতুন সমিতিৰ ২০২৬-২৭ বৰ্ষৰ বাবে ৰিপু কছাৰীক সভাপতি আৰু জিন্টি দাসক সম্পাদক হিচাপে দায়িত্ব দিয়া হয়। সভাত বিভাগীয় প্ৰতিনিধি হিচাপে টিনা সোণোৱাল, অংকিত সন্দিকৈ আৰু ৰুবী ফুকনক কোষাধ্যক্ষ, নূপুৰ দাস আৰু মাধুৰী কোঁৱৰক প্ৰচাৰ সম্পাদকহিচাপে দায়িত্ব অৰ্পণ কৰা হয়।
