ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ ৪৭২ সংখ্যক জন্মজয়ন্তী উপলক্ষে বক্তৃতানুষ্ঠান সম্পন্ন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ আসনৰ উদ্যোগত মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ ৪৭২ সংখ্যক জন্মজয়ন্তী উপলক্ষ্যে ৩০-৪-২৫ তাৰিখে এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈ যায় । ঔপেনিৱেশিক অসমত মটক মৰাণ সকলৰ ৰাজনৈতিক আৰু আৰ্থ সামাজিক অৱস্থা শীৰ্ষক বক্তৃতা প্ৰদান কৰে বুৰঞ্জীবিদ তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ নিৰোদ বৰুৱাই।বুৰঞ্জীবিদ গৰাকীয়ে ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ নোহোৱা বহু ঘটনা আৰু তথ্যসহ বিশ্লেষাত্মক বক্তব্যৰ জৰিয়তে নতুন নতুন তথ্য পোহৰলৈ আনে।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ড০ শৰৎ বৰকটকীয়ে শুভউদ্বোধন কৰা এই বক্তৃতানুষ্ঠনত আদৰণী ভাষণ প্ৰদান কৰে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ আসনৰ অধ্যাপক ড০ জাহ্নবী গগৈ নাথে।বুৰঞ্জী বিভাগৰ মূৰব্বী অধ্যাপক ড০ চন্দন শৰ্মাই আঁতধৰা অনুষ্ঠানটোত শ্ৰীশ্ৰী মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী মুকুণ্ডানন্দ গোস্বামী, শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ আসনৰ প্ৰাক্তন অধ্যাপক তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ডম্বৰুধৰ নাথ,শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰিয়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰ, আসনৰ কাৰ্য্যবাহী সদস্য তৰুণ কুমাৰ গগৈ, যজ্ঞেশ্বৰ চেতিয়া, মটক সন্মিলনৰ প্ৰাক্তন সভাপতি চন্দ্ৰ সেনাপতি,উদয় শংকৰ মহন,যাদৱ গগৈ, বলিন চেতিয়াকে প্ৰমুখ্যে কৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি, অধ্যাপক ,অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে। ড০ চুমি ফুকনে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ দ্বাৰা ৰচিত এটি গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰি তোলে।