ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দক্ষিণ কোৰিয়াৰ প্রতিনিধিক উষ্ম আদৰণি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দক্ষিণ কোৰিয়াৰ প্রতিনিধিক উষ্ম আদৰণি::এনেধৰণৰ প্ৰয়াসে আন্তৰ্জাতিক সাংস্কৃতিক আৰু শৈক্ষিক বিনিময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব- উপাচাৰ্য ডঃ জিতেন হাজৰিকা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ কোৰিয়াৰ ৱৰ্ল্ড ফ্ৰাগ্ৰান্ট কৰ্পোৰেচনৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ অহা ৬ জনীয়া এক প্রতিনিধি দলক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰা সাদৰ সম্ভাষণ জনোৱা হয়।প্রতিনিধি দলটোত আছিল ৱৰ্ল্ড ফ্ৰাগৰান্ট কৰ্পোৰেচনৰ প্ৰমুখ জিয়ং য়েও, সঞ্চালক ডো চাং, সঞ্চালক ডো মোং, সদস্য হিথুন চেয়ং লী, সচিবপ্ৰধান চো আন লী আৰু চেজংস্থিত প্রতিষ্ঠানটোৰ সচিবপ্রধান কি চুক লী। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা কাৰ্যালয়ৰ সঞ্চালক প্রাধ্যাপক সুৰজিত বৰকটকীয়ে প্রতিনিধি দলটোক স্বাগতম জনায় আৰু লগতে কোৰিয়ান ভাষাৰ শিক্ষাৰ জৰিয়তে যে ছাত্র-ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠানত সংস্থাপন লাভ কৰিব পৰাকৈ যোগ্য হৈ উঠিছে তাৰ বাবে বিষয়ববীয়া সকলক ধন্যবাদ জনায়।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য প্রাধ্যাপক ড০ জিতেন হাজৰিকাই প্রতিনিধিবৰ্গৰ আগমনত উৎফুল্ল হৈ কয় যে এনেধৰণৰ প্রয়াসে আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক আৰু শৈক্ষিক বিনিময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উপাচার্য্য গৰাকীয়ে আৰু কয় যে ইতিমধ্যে বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কোৰিয়ান ভাষাৰ শিক্ষা সমাপ্ত কৰাত তেওঁলোকৰ এই সফলতাত আনন্দ প্ৰকাশ কৰে। বিশেষকৈ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অসমীয়াৰ পৰা কোৰিয়ান ভাষালৈ আৰু কোৰিয়ানৰ পৰা অসমীয়া ভাষাত ব্যুৎপত্তি লাভ কৰাত তেওঁলোক ভবিষ্যতে নিয়োগৰ সুযোগ লাভ কৰাৰ থল আছে বুলিও তেওঁ কয়। উল্লেখযোগ্যযে ৱৰ্ল্ড ফ্ৰাগ্ৰান্ট কৰ্পোৰেচনে ইতিমধ্যে ডিব্রুগড় বিশ্ববিদ্যালয়ত কোৰিয়ান ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে। এই প্রয়াসে কোৰিয়ান ভাষা আৰু সংস্কৃতিৰ প্ৰতি ভাৰতীয় ছাত্ৰৰ অনুৰাগ বৃদ্ধি কৰাৰ লগতে ভিন্ন ভাষিক আৰু সাংস্কৃতিক শিক্ষা প্রদানৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগিতামূলক দায়বদ্ধতাক প্রতিনিধিত্ব কৰে। মূলতঃ অসমত কোৰিয়ান ভাষাৰ শিক্ষা প্রদানক লৈয়ে এই বৈঠকত ভাৱৰ আদান-প্রদান কৰা হয়। মন কৰিবলগীয়া যে World Fragrant Cooperationৰ মুখ্য বিষয়াগৰাকীয়ে ১,০০০ মার্কিন ডলাৰৰ এক জলপানি কোৰিয়ান ভাষাৰ শিক্ষা প্ৰদানৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ অনুদান আগবঢ়াইছে। এই প্রয়াসে কোৰিয়ান ভাষাৰ শিক্ষাগ্রহণত অধিক ছাত্রক আকর্ষিত আৰু অনুপ্রাণিত কৰিব বুলি আশা কৰা গৈছে। মুখ্য বিষয়াজনে নিজে আঁকা কিছুমান কলাকৃতিও উপস্থিতসকলৰ মাজত বিতৰণ কৰে। কোৰিয়ান ভাষা পাঠ্যক্ৰমত নামভৰ্তি কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এক শিক্ষার্থীৰ দলে শৈক্ষিক বিনিময়ৰ অংশ হিচাপে কোৰিয়া ভ্ৰমণৰ সুযোগ লাভ কৰিব। এই পাঠ্যক্ৰমৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী দেৱযানী দাসে এই মত-বিনিময় পর্বত অনুবাদকৰ ভূমিকা পালন কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্রতিনিধিসকলে অসমীয়াত মত-বিনিময় কৰে আৰু দেৱযানী দাসে কোৰিয়ান ভাষালৈ আৰু কোৰিয়ান ভাষাৰ পৰা অসমীয়া ভাষালৈ দক্ষতাৰে তৰ্জমা কৰি মত-বিনিময়ৰ কাৰ্যসূচীটো সফল হোৱাত সহায় কৰে। বিদেশী ভাষা আৰু অসমীয়া ভাষাত এনেদৰে আলোচনা আগবঢ়াই নিয়াৰ এই পদক্ষেপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে এক ঐতিহাসিক ক্ষণ হিচাপে পৰিগণিত হ’ল।দুয়োপক্ষই আজিৰ বিশ্বত সাংস্কৃতিক বুজাবুজি আৰু ভাষিক দক্ষতাৰ গুৰুত্বসহকাৰে লয় আৰু সন্তুষ্টি প্রকাশ কৰে। আশা কৰা হৈছে যে এনে প্রয়াসে অনাগত দিনত দুয়োখন দেশৰ ছাত্ৰ আৰু শিক্ষক সমাজক প্রভূত উপকাৰ সাধন কৰিব।