ডিব্ৰুগড় বিজ্ঞান সমিতিৰ ভাৰতৰত্ন ড০ এ পি জে আব্দুল কালামৰ জন্মজয়ন্তী পালন

ডিব্ৰুগড় বিজ্ঞান সমিতিৰ ভাৰতৰত্ন ড০ এ পি জে আব্দুল কালামৰ জন্মজয়ন্তী পালন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিজ্ঞান সমিতি,ডিব্ৰুগড় শাখাই স্থানীয় নন্দেশ্বৰ চক্ৰৱৰ্তী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ৰাষ্ট্ৰপতি ‘ভাৰতৰত্ন’ প্ৰয়াত এ পি জে আব্দুল কালামৰ জন্মজয়ন্তী এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত পালন কৰা হয়।  শাখাৰ সভাপতি,  বিজ্ঞান লেখক তথা  অৱসৰী অধ্যাপিকা ড০ ভাৰতী দত্তৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ আৰম্ভণিতে সকলোকে উদ্দেশ্যি আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বন্দনা কোঁ‌ৱৰে। কালামৰ প্ৰতিচ্ছবিত সভাপতিয়ে বন্তি প্ৰজ্বলন কৰে। সম্পাদক নাছিৰ চুলতানে উদ্দেশ্য ব্যাখ্যা কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ বিশিষ্ট অতিথিৰ আসনৰ পৰা সভাক উদ্দেশ্যি  দিয়া ভাষণত বিজ্ঞানী কালামৰ কম চৰ্চিত অথচ গুৰুত্বপূৰ্ণ দুটিমান বিজ্ঞান সম্বন্ধীয় প্ৰসংগ উত্থাপন কৰে। ড০ ভাৰতী দত্তই কালামৰ মানৱতাবাদী দৰ্শন, চিন্তনত আলোকপাত কৰি বিস্তৃত ব্যাখ্যা আগবঢ়ায়। ‘মিছাইল মেন’ অভিধা লাভ কৰা কালামে ভাৰতৰ প্ৰতিৰক্ষাৰ দিশত অভূতপূৰ্ব অৱদান আগবঢ়াই থৈ গ’ল। পৃথ্বী,অগ্নি আদি মিছাইল,এচএল ভি নিৰ্মাণ কৰি বিজ্ঞান প্ৰযুক্তিৰ দিশত দেশক উন্নয়নৰ পথত আগুৱাই নিলে। উন্নয়নশীল দেশৰ পৰা ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ কৰাৰ তেওঁ‌ৰ সপোনৰ প্ৰসংগও ড০ দত্তই ভাষণত উল্লেখ কৰে। কাৰ্যকৰী সভানেত্ৰী সুদক্ষিণা দাসে কালামৰ অন্যান্য অৱদানৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে লিখা এটি কবিতাৰ অসমীয়া অনুবাদ কৰি পাঠ কৰে। কবিতাটিৰ মাধ্যমতে এইগৰাকী মহান ৰাষ্ট্ৰপ্ৰধানৰ দৰ্শন প্ৰস্ফুটিত হৈছে। বিদ্যালয়ৰ  শিক্ষক দ্বিজেন দাসে তেওঁ‌ৰ ভাষণত ভাৰতৰত্ন কালামৰ দেশপ্ৰেম তথা নৱপ্ৰজন্মৰ প্ৰতি থকা দায়ৱদ্ধতাৰ কথা কয়। বিজ্ঞান সমিতি,ডিব্ৰুগড় শাখাৰ উপসভাপতি ড০ ৰঞ্জিৎ সিংহ, সহ-সম্পাদক অজিত শৰ্মা, সদস্যা ড০ চুলতানা হাজৰিকা উপস্থিত থকা সভাত শলাগৰ শৰাই আগবঢ়ায় অজিত শৰ্মাই। ব ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ  শিক্ষক -শিক্ষয়িত্ৰী  উপস্থিত থকা সভাত ড০ ভাৰতী দত্ত আৰু  সুদক্ষিণা দাসে কেবাখনো গ্ৰন্থ বিদ্যালয়খনৰ পুথিভঁৰাললৈ আগবঢ়ায়।