ডিব্ৰুগড় বিজ্ঞান সমিতিৰ সদৌ অসম ভিত্তিত নিলোফাৰ ৰহমান শইকীয়া তৰ্ক প্ৰতিযোগিতা সম্পন্ন

ডিব্ৰুগড় বিজ্ঞান সমিতিৰ সদৌ অসম ভিত্তিত নিলোফাৰ ৰহমান শইকীয়া তৰ্ক প্ৰতিযোগিতা সম্পন্ন
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিজ্ঞান সমিতি ,ডিব্ৰুগড় শাখাই কানৈ মহাবিদ্যালয়ৰ সহযোগত সদৌ অসম ভিত্তিত ড০ নিলোফাৰ ৰহমান শইকীয়া আন্তঃকলেজ প্ৰাইজমানি তৰ্ক প্ৰতিযোগিতাখনি কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ সভাক্ষকত  আজি (২৮-১১-২৪) সম্পন্ন কৰে। প্ৰয়াত নিলোফাৰ ৰহমান শইকীয়াৰ পৰিয়ালৰ আৰ্থিক সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাৰ আৰম্ভণি উদ্ধোধনি অনুষ্ঠানেৰে কৰা হয়। অনুষ্ঠানত সভাপতিত্ব কৰে  ডিব্ৰুগড় বিজ্ঞান সমিতিৰ সভাপতি ড০ ভাৰতী দত্তই। সম্পাদক নাছিৰ চুলতানে উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছতে প্ৰয়াত নিলোফাৰ ৰহমানৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন কৰে তেখেতৰ স্বামী অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা চফিউৰ ৰহমান শইকীয়াই। তেঁওৰ পত্নী এগৰাকী পদাৰ্থ বিজ্ঞানী,লাহোৱাল পলিটেকনিকৰ অধ্যাপিকাৰ সোঁ‌ৱৰণত শইকীয়াই দুআষাৰ আবেগিক বক্তব্য আগবঢ়ায়। সভাপতিৰ মন্তব্যত ড০ভাৰতী দত্তই অকালতে মৃত্যু বৰণ কৰা ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বক্তব্য আগবঢ়ায় আৰু লগতে এই ধৰণৰ তৰ্ক প্ৰতিযোগিতাই নৱ প্ৰজন্মৰ বিজ্ঞান মনস্কতা গঢ়ি তোলাত সহায় হ’ব বুলি কয়। ইয়াৰ আগতে নিলোফাৰ ৰহমানৰ এক চমু পৰিচয় আগবঢ়ায় সুদক্ষিনা দাসে। কানৈ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ প্ৰিয়দেৱ গোস্বামীয়ে নিলোফাৰ ৰহমানৰ সৈতে তেখেতৰ সান্নিধ্যৰ কথা সোঁ‌ৱৰে। শলাগৰ শৰাই আগবঢ়াই ড০চুলতানা হাজৰিকাই। এগছি বন্তি প্ৰজ্বলনেৰে প্ৰতিযোগিতা উদ্বোধন কৰি ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ কলাগুৰু,গণিত বিভাগৰ প্ৰাধ্যাপক ড০ সুৰজিৎ বৰকটকীয়ে সাম্প্ৰতিক সময়ত  বিজ্ঞান প্ৰযুক্তিৰ প্ৰাসংগিকতাৰ ওপৰত এক চমু ,মননশীল বক্তৃতা দিয়ে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীৰে  অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ আঁ‌ত ধৰে সমিতিৰ উপসভাপতি ড০ ৰঞ্জিত সিংহই। তৰ্ক প্ৰতিযোগিতাৰ বিচাৰকৰ আসন গ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদ, পৰিমল ভট্টাচাৰ্য, সুদেৱ গোস্বামীয়ে।আনহাতে তৰ্ক প্ৰতিযোগিতাৰ অধ্যক্ষৰ আসনত উপবিষ্ট হয় ৰুমা ফুকন।প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত বঁ‌টা বিতৰণী সভাত সভাপতিত্ব কৰে ড° ভাৰতী দত্তই। প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে উৎপলজ্যোতি বৰা(ডিব্ৰুগড় বিশ্ববিদ্যালয়),দ্বিতীয় স্থান খ্ৰীষ্টফাৰ নন্দ(কানৈ কলেজ),তৃতীয় স্থান লাভ কৰে সুমিত শৰ্মা(জে বি আইন মহাবিদ্যালয়, গুৱাহাটী)। তৰ্ক প্ৰতিযোগিতাত প্রথম গৰাকীয়ে লাভ কৰে নগদ ৮,০০০/-টকা,  দ্বিতীয় গৰাকীয়ে ৬,০০০/- আৰু তৃতীয় গৰাকীয়ে লাভ কৰে নগদ ৪,০০০/-টকা। বঁটা বিতৰণী সভাত অনুভৱ ব্যক্ত কৰি ভাষণ প্ৰদান কৰে ড০ পৰমানন্দ মহন্ত, ড০ গোপাল হাজৰিকা,ড০ কমলেশ্বৰ দত্ত,ড০ প্ৰাতসলতা বুঢ়াগোহাঁয়ে। সভাত বুজন সংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে প্ৰয়াত নিলোফাৰ ৰহমানৰ পৰিয়ালৰহৈ ভগ্নিদ্বয় , ভনী জোৱাঁই জামছেদ খানো উপস্থিত থাকে।সভাৰ অন্তত শলাগ জ্ঞাপন কৰে সমিতিৰ সম্পাদক নাছিৰ চুলতানে।