ডিব্ৰুগড় বিজ্ঞান সমিতিৰ ড০ এ পি জে আব্দুল কালামৰ জন্মজয়ন্তী উদযাপন

ডিব্ৰুগড় বিজ্ঞান সমিতিৰ ড০ এ পি জে আব্দুল কালামৰ জন্মজয়ন্তী উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিজ্ঞান সমিতিয়ে আজি (১৫ অক্টোবৰ তাৰিখে) ডিব্ৰুগড় বিশ্ববিদ্যালয় মডেল স্কুলৰ আতিথ্যত ভাৰতৰ ১১ সংখ্যক প্ৰাক্তন ৰাষ্ট্ৰপতি ,মিছাইলমেন খ্যাত ড০ এ পি জে আব্দুল কালামৰ ৯১ সংখ্যক জন্মজয়ন্তীৰ এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰে। ডিব্ৰুগড় বিজ্ঞান সমিতিৰ সভাপতি ড০ ভাৰতী দত্তৰ পৌৰহিত্যত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে মডেল স্কুলৰ অধ্যক্ষ মুকুট গোহাঁইয়ে সকলোকে আদৰণি জনায়।সমিতিৰ সম্পাদক নাছিৰ চুলতানে উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত মুখ্যবক্তা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বায়ু মণ্ডলীয় বিজ্ঞান বিভাগৰ অধ্যাপিকা ,বিজ্ঞানী ড০ বিনীতা পাঠকৰ বিজ্ঞানৰ গৱেষণাৰ দিশত আগবঢ়াৱা অৱদানৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায় ড০ ৰঞ্জিত সিংহই ।ডo এ পি জে আব্দুল কালামৰ জীৱন আৰু নিউক্লীয় বিজ্ঞানী হিচাপে তেখেতৰ কৰ্মৰাজি সম্পৰ্কত সাৱলীল বক্তৃতা প্ৰদান কৰে মুখ্য বক্তা গৰাকীয়ে। ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নোত্তৰ কাৰ্যসূচীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে ডo পাঠকে । এই অনুষ্ঠানতে চাৰি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডo কালাম সম্পৰ্কত লিখিত ৰচনা পাঠ কৰে। সভাত উপস্থিত ডিব্ৰুগড় বিজ্ঞান সমিতিৰ উপদেষ্টা , বিশিষ্ট পদাৰ্থ বিজ্ঞানী ড০ পৰমানন্দ মহন্তই কালামৰ সৈতে তেখেতৰ ব্যক্তিগত সান্নিধ্যৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে।সমজুৱাৰ একাষাৰত সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুদক্ষিনা দাস, কোষাধ্যক্ষ ড০ যশোৱন্ত সিং আৰু শিক্ষক দিলীপ গোহাঁইয়ে অনুষ্ঠানটিত বক্তব্য আগবঢ়ায়। বিজ্ঞান সমিতিৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰী চাৰিগৰাকীক গ্ৰন্থ উপহাৰ স্বৰূপে দিয়া হয়। সভানেত্ৰীৰ মন্তব্যত ড০ ভাৰতী দত্তই ডঃ কালামৰ চৰিত্ৰৰ মানৱীয় দিশটোৰ প্ৰসংগ বিশেষভাৱে উল্লেখ কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সমিতিৰ জ্যেষ্ঠ সদস্য অজিত কুমাৰ শৰ্মাই।