ডিব্ৰুগড় বাণীপুৰ শাখা সাহিত্য সভাৰ ন-পুৰণি সদস্য তথা আজীৱন সদস্যৰ ৰূপালী জয়ন্তী উদ্‌যাপনৰ ৰাজহুৱা সভা

ডিব্ৰুগড় বাণীপুৰ শাখা সাহিত্য সভাৰ ন-পুৰণি সদস্য তথা আজীৱন সদস্যৰ ৰূপালী জয়ন্তী উদ্‌যাপনৰ ৰাজহুৱা সভা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বাণীপুৰ শাখা সাহিত্য সভাৰ উদ্যোগত বাণীপুৰ মহিলা সমিতিৰ স্থায়ী ভৱনত ৰাজহুৱা সভা আৰু ন-পুৰণি সদস্য তথা আজীৱন সদস্যৰ এখনি সন্মিলন অনুষ্ঠিত কৰা হয়৷ জন্মলগ্নৰে পৰা শাখা সভাখনৰ লগত জড়িত সকলো সদস্য আৰু আজীৱন সদস্য সকলক আমন্ত্ৰণ জনাই এক সৌষ্ঠৱপূৰ্ণ পৰিবেশত মত বিনিময় কৰা হয়৷ ভাষা সাহিত্যৰ লগতে বৃহত্তৰ বাণীপুৰ অঞ্চলৰ উৎকৰ্ষৰ ক্ষেত্ৰত তেখেতসকলে আগবঢ়োৱা দিহা পৰামৰ্শ শাখা সভাই আন্তৰিকতাৰে গ্ৰহণ কৰে৷ ২০০০ চনত প্ৰতিষ্ঠা লাভ কৰা বাণীপুৰ শাখা সাহিত্য সভাই চলিত বৰ্ষত গৌৰৱোজ্জ্বল ২৫ টা বৰ্ষত ভৰি দিয়ে৷ ২৫ বছৰীয়া জয়ন্তীৰ শুভ ক্ষণত শাখা সভাই ৰূপালী জয়ন্তী উদ্‌যাপনৰ বাবে সাজু হৈছে৷ ৰূপালী জয়ন্তী উদ্‌যাপনৰ প্ৰাকক্ষণত বাণীপুৰ শাখা সাহিত্য সভাৰ ন-পুৰণি সদস্য,আজীৱন সদস্য তথা বাণীপুৰৰ গুণী-জ্ঞানী আৰু শুভাকাংক্ষী সকলোকলৈ এই ৰাজহুৱা সভাতে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়৷ বাণীপুৰ শাখা সাহিত্য সভাৰ সভাপতি অজয় কুমাৰ দত্তক সভাপতি, ঝৰ্ণা শইকীয়াক কাৰ্যকৰী সভাপতি, ড° দিব্যজ্যোতি বৰাক সম্পাদকৰ দায়িত্বৰে এখন পোন্ধৰজনীয়া উদ্‌যাপন সমিতি গঠন কৰাৰ উপৰিও আন দহখন উপ-সমিতিয়ো গঠন কৰা হয়৷ শাখা সভাখনৰ সভাপতি অজয় কুমাৰ দত্তই সভাপতিত্ব কৰা সভাখনত বিশিষ্ঠ ব্যক্তি হিচাবে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰ গগৈ, বাণীপুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শিক্ষাবিদ, তৰুণ কুমাৰ গগৈ, যতীন্দ্ৰ নাথ গগৈ, পদ্মা খনিকৰ, হলিৰাম ফুকন, গুণকান্ত শইকীয়া, দীপক দত্ত, ভৱকান্ত গগৈ, নিৰ্ম্মল শইকীয়া,বিষ্ণু গোহাঁই আদি বিশিষ্ঠ ব্যক্তি সকল উপস্থিত থাকে৷ বাণীপুৰ মহিলা সমিতিৰ বিষয়ববীয়া সকল, বাণীপুৰ পূৰ্ব্বাঞ্চল নৱজ্যোতি সংঘৰ বিষয়ববীয়া সকল আৰু বাণীপুৰ প্ৰবীণ নাগৰিক সংঘকে ধৰি শতাধিক বক্তিৰ উপস্থিতিৰে অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখা কৰে সম্পাদক ড° দিব্যজ্যোতি বৰাই৷ সভাৰ আৰম্ভনিতে বাণীপুৰ মহিলা সমিতিৰ সদস্যা সকলে “চিৰ চেনেহী মোৰ ভাষা জননী“ শীৰ্ষক গীত পৰিশন কৰে৷ সভাপতিৰ আসনৰ পৰা সভাত উপস্থিত থকা সকলোলৈ শলাগৰ শৰাই আগবঢ়ায় ।ৰূপালী জয়ন্তী উদযাপনৰ ক্ষেত্ৰত সকলোৰে পূৰ্ণ সহযোগ কামনা কৰে সমিতিয়ে৷