ডিব্ৰুগড় বাণীপুৰত বিভিন্ন দল আৰু নামঘৰৰ ভক্তপ্ৰাণসহ চাৰি শতাধিকৰ জুবিনক শ্ৰদ্ধাঞ্জলি
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া সংগীত জগতৰ মহীৰুহ, লক্ষাধিক মানুহৰ হৃদয় জয় কৰা হাৰ্টৰ্থৱ জুবিন গাৰ্গৰ অকাল মহাপ্ৰয়াণে ৰাজ্যৰ সংগীত জগতত অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে। সমগ্র অসম আজিও শোকাহত। সংগীত জগতৰ মহানায়কক সমগ্র ৰাজ্যবাসীয়ে অশ্ৰুসিক্ত নয়নেৰে জাতি-ধৰ্ম,বৰ্ণ-ভাষা নিৰ্বিশেষে জনোৱা শ্ৰদ্ধাঞ্জলি অভূতপূর্ব বিৰল দৃশ্য। সমগ্র অসমৰ লগতে বাণীপুৰতো দুঘণ্টা সময় ধৰি মহান শিল্পীজনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক অনুষ্ঠান আয়োজন কৰা হয়।এই অনুষ্ঠানত আবাল- বৃৃদ্ধ- বনিতা- শিশুসহিত প্ৰায় চাৰি শতাধিক ৰাইজে অশ্ৰু অঞ্জলি যাঁচে। ধূপ-দীপেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাইজে এটি মৌন সমদল কৰে। মৌন সমদলৰ অন্তত ‘মায়াবিনি’ৰ সুৰেৰে আকাশ বতাহ গুঞ্জৰিত কৰে সমবেত ৰাইজে। অনুষ্ঠানত বাণীপুৰ শাখা সাহিত্য সভা, পূৰ্বাঞ্চল নৱজ্যোতি সংঘ, বাণীপুৰ মহিলা সমিতি, প্ৰবীণ নাগৰিক সংঘ লগতে বাণীপুৰৰ সমূহ নামঘৰৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটো সমাপন কৰা হয়। অসমৰ ৰাইজৰ অশ্রু অঞ্জলিয়ে প্ৰমাণ কৰিলে যে-জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, এটা যুগ,এটা অনুষ্ঠান আছিল। তেওঁৰ কণ্ঠ আছিল মানুহৰ হৃদয়ৰ ভাষা। মৃত্যুৱে কায়িকভাৱে কাঢ়ি নিলেও অসমীয়া সংগীত জগতত তেওঁ অম্লান জোনাকী হৈ চিৰকাল জ্বলি থাকিব। লক্ষ মানুহৰ অন্তৰত জুবিন গাৰ্গৰ শেষ অমৰ কাব্যৰ অধ্যায় হৈ থাকিব।