ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা জিতুল দত্তলৈ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- চলিত বৰ্ষৰ নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটাৰ বাবে নিৰ্বাচিত হৈছে তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক জিতুল দত্ত। বিগত বৰ্ষৰ দৰে এইবাৰো ডিব্ৰুগড় প্ৰেছ ক্লাৱে ত্ৰয়োদশ বাৰ্ষিকত প্ৰয়াত সাংবাদিক নীলিম চৌধুৰী স্মৃতিচাৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি এইবাৰ ‘প্ৰতিদিন টাইমচ’ৰ জ্যেষ্ঠ সাংবাদিক জিতুল দত্তক এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছে জুৰি কমিটিয়ে। অহা ১১ আগষ্টত পুৱা ১১ বজাত ডিব্ৰুগড় চহৰৰ জাগৃতি প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানটোত অৰুণাচলৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বিশিষ্ট শিক্ষাবিদ বচিৰাম চিৰাম উপস্থিত থাকিব। উল্লেখযোগ্য যে প্ৰয়াত সাংবাদিক নীলিম চৌধুৰী সোঁৱৰণী বঁটাত থাকিব শৰাই, ফুলৰ থোৰা, ফুলাম গামোচা, চেলেং চাদৰ, স্মাৰক, নগদ ধন আদি। এই অনুষ্ঠানত ডিব্ৰুগড়ৰ সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সম্পাদক ৰিপুঞ্জয় দাসে।